October 4, 2025 9:19 PM | PM-tribute

printer

তিৰুপ্পুৰ কুমাৰন আৰু সুব্রমণিয়া শিৱাৰ জয়ন্তীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাঞ্জলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিৰুপ্পুৰ কুমাৰন আৰু সুব্রমণিয়া শিৱাৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত তামিলনাডুৰ দুয়োগৰাকী নেতাই জনসাধাৰণৰ মাজত জাতীয়তাবাদৰ মনোভাব উদ্বুদ্ধ কৰাত প্ৰেৰণা যোগাইছিল। দুয়োগৰাকী নেতাৰ ত্যাগক স্মৰণ কৰি তিৰুঙ্কুৰ কুমাৰণে জাতীয় পতাকা হাতত লৈ নিজৰ জীৱন উৎসৰ্গা কৰাৰ কথা প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনহাতে সুব্রমণিয়া শিৱাই তেওঁৰ নির্ভিক সৃষ্টিৰাজী আৰু ভাষণৰ জৰিয়তে যুৱক-যুৱতীসকলৰ মাজত সাংস্কৃতিক গৌৰৱ আৰু দেশপ্রেম জাগ্ৰত কৰি তুলিছিল বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে কয়। দুয়োজন দূৰদৰ্শীৰ অক্লান্ত প্ৰচেষ্টা আৰু ত্যাগ জাতিটোৰ স্মৃতিত খোদিত হৈ থকাৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।