December 20, 2025 6:19 PM | PM today

printer

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনির্মিত বাঁহ অর্কিড টার্মিনেল ভৱন উদ্বোধন প্রধানমন্ত্রী

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী কিছুসময় পূর্বে গুৱাহাটীৰ বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনির্মিত বাঁহ অর্কিড টার্মিনেল ভবন উদ্বোধন কৰে। ৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে এই নতুন টার্মিনেল ভৱনটো নির্মাণ কৰা হৈছে। প্রায় এক লাখ ৪০ হাজাৰ বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা এই নতুন টার্মিনেলটো বছৰি এক কোটি ৩০ লাখ যাত্রীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে। বাঁহ আৰু অর্কিড বিষয়বস্তুৰে নিৰ্মাণ কৰা এই টার্মিনেল ভৱনে অসমৰ জৈৱ বৈচিত্র্য আৰু সাংস্কৃতিক ঐতিহ্যক প্রতিফলিত কৰিছে। প্রধানমন্ত্রীয়ে নিজৰ ভাষণত কয় যে নতুন বিমান বন্দৰৰ টার্মিনেল ভবন নির্মাণে অসমৰ লগতে উত্তৰ-পূৱৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। অসমে পথ আৰু বিমান সেৱাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত কৰা উন্নয়নৰ ওপৰতো তেওঁ আলোকপাত কৰে। অসমে আন্তঃগাথনিগত দিশৰ উন্নয়নৰ লগতে আইন শৃংখলা উন্নয়ন সাধন কৰিছে বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে। ভাৰতীয় ন্যায় সংহিতা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত শীর্ষ স্থানত থকা বিষয়টোক লৈ প্রধানমন্ত্রীয়ে সন্তোষ প্রকাশ কৰে। অসমে উন্নয়নৰ বিভিন্ন ক্ষেত্রত অভিলেখ সৃষ্টি কৰি অগ্ৰসৰ হৈছে বুলি তেওঁ মত প্রকাশ কৰে।

উল্লেখযোগ্য যে বাঁহ, কপৌ ফুলৰ আৰ্হি আৰু কাজিৰঙাৰ জৈৱ বৈচিত্ৰক প্ৰতিফলিত কৰি এই টার্মিনেলটো নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানত অংশ লৈ কেন্দ্রীয় অসামৰিক বিমান পৰিবহন মন্ত্রী কিঞ্জাৰাপু ৰায়মোহন নাইডু, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে প্রধানমন্ত্রীক গামোচা, লোকপ্রিয় গোপীনাথ বৰদলৈৰ প্রতিচ্ছবি আৰু নতুন বিমান বন্দৰৰ আৰ্হিত খোদিত বিশেষ স্মাৰকেৰে সম্বর্ধনা জনায়। অনুষ্ঠানত দিয়া ভাষণত বিমান পৰিবহন মন্ত্ৰীগৰাকীয়ে অসম তথা উত্তৰ পূবৰ বৈচিত্রপূর্ণ সংস্কৃতি, প্রাকৃতিক সৌন্দর্য আৰু লোক জীৱনক প্রশংসা কৰি কয় যে উত্তৰ পূব ভ্রমণ অবিহনে ভাৰত ভ্রমণ সম্পূর্ণ নহয়। তেওঁ সকলোকে অসম তথা উত্তৰ পূব ভ্ৰমণৰ বাবে আহ্বান জনায়।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অনুষ্ঠানত দিয়া ভাষণত অসমবাসীয়ে নিজৰ সপোনক বাস্তৱায়িত কৰিব পৰাকৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দিকদর্শন কৰিছে বুলি উল্লেখ কৰে। তেওঁ লগতে শান্তি, প্রগতি আৰু বিকাশৰ পথত অগ্ৰসৰ হোৱা ৰাজ্যখনে গুৱাহাটী বিমান বন্দৰত সোনকালে দ্বিতীয়টো লাভ কৰিব বুলি আশা প্রকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।