December 20, 2025 6:24 PM | PM today

printer

বৰঝাৰ বিমান বন্দৰত অসমৰ বৰ্ণাঢ্য সংস্কৃতি প্রদর্শনেৰে প্ৰধানমন্ত্ৰীক আদৰণি

বিমান বন্দৰত অৱতৰণ কৰাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে আদৰণি জনোৱা হয়। প্রধানমন্ত্রী মোদীয়ে আজি বিমানবন্দৰতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী লোকপ্রিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ এটা প্রতিমূর্তি উন্মোচন কৰে। এই কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য উপস্থিত থাকে। ইয়াৰ পাছতে তেওঁ টার্মিনেল ভৱনৰ বাহিৰত এখন জনসভাত ভাগ লয়। প্রধানমন্ত্রীয়ে কিছুসময় পাছতে সৰুসজাইৰ পৰা বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়লৈ হ’বলগীয়া বৃহৎ ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিব।

শ্রীমোদীয়ে কাইলৈ গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষার্থীৰ সৈতে পৰীক্ষা পে চর্চা কার্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি ৮৬০ গৰাকী বীৰ ছহিদক প্রণিপাত জনাই ছহিদ বেদীত পুষ্পাঞ্জলি অর্পণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।