January 16, 2026 12:14 PM | PM start up

printer

ভাৰত মণ্ডপমত ষ্টার্টআপ ইণ্ডিয়া উদ্যমৰ এটা দশক সম্পূর্ণ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠানত প্রধানমন্ত্রীৰ অংশগ্ৰহণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ষ্টার্টআপ ইণ্ডিয়া উদ্যমৰ এটা দশক সম্পূর্ণ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দেশৰ ষ্টার্ট আপ ব্যৱস্থাৰ সৈতে জড়িত লোকসকলৰ সৈতে মত বিনিময় কৰিব। ষ্টার্টআপ খণ্ডৰ বচা বচা প্রতিনিধিয়ে তেওঁলোকৰ উদ্যমী যাত্ৰাৰ অভিজ্ঞতাৰ বিষয়ে অনুষ্ঠানত অৱগত কৰিব।

উল্লেখযোগ্য যে, প্রধানমন্ত্রী মোদীয়ে উদ্ভাৱন, উদ্যমশীলতাৰ প্ৰসাৰ আৰু বিনিয়োগ আধাৰিত বিকাশ সুনিশ্চিত কৰাৰ উদ্দেশ্যে ২০১৬চনৰ ১৬ জানুৱাৰীত ষ্টার্ট আপ ইণ্ডিয়া উদ্যম মুকলি কৰিছিল। ভাৰতবৰ্ষক চাকৰি প্ৰত্যাশীৰ পৰিৱৰ্তে কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টিকাৰী ৰাষ্ট্ৰৰূপে গঢ়ি তোলাই এই উদ্যমৰ মূল উদ্দেশ্য।

বিগত দশকত ষ্টার্টআপ ইণ্ডিয়া ভাৰতৰ অৰ্থনৈতিক আৰু উদ্ভাৱনমূলক পৰিকাঠামোৰ মূল ভেটি ৰূপে পৰিগণিত হৈছে। এই উদ্যমে প্রতিষ্ঠানগত ব্যবস্থা সবল কৰি তুলিছে আৰু পুঁজি তথা দিকনির্দেশনা লাভৰ প্ৰক্ৰিয়া সুগম কৰি তুলিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।