ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত এটা উজ্জ্বল অধ্যায়ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ছিকিমৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ভার্চুৱেলি অংশ লৈ কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত এটা উজ্জ্বল অধ্যায় বুলি মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ছিকিমৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত তেওঁৰ চৰকাৰৰ প্ৰচেষ্টাৰ কথা দোহাৰে। এই ক্ষেত্ৰত নিৰ্মীয়মান চেৱোক ৰংপো ৰে’লপথে ছিকিমক দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ কথাও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে যোৱা ১০ বছৰত ছিকিমত প্রায় ৪০০ কিলোমিটাৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে আৰু ১০০ কিলমিটাৰৰো অধিক গ্ৰামাঞ্চলৰ পথ নিৰ্মাণ কৰা হৈছে। অটল সেঁতুৱে ছিকিম আৰু দাৰ্জিলিঙৰ মাজৰ যোগাযোগ বহু পৰিমাণে উন্নত কৰিছে। প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণ জৈৱিক ৰাজ্য হিচাপে খ্যাত ছিকিমৰ স্থানীয় বহু লোকক লাভান্বিত কৰিব পৰাকৈ শেহতীয়াকৈ জৈৱিক প্ৰক্ৰিয়াৰে মীন পালনত গুৰুত্ব দিয়াৰ কথাও উল্লেখ কৰে। শ্রীমোদীয়ে ভৱিষ্যতে ছিকিমক বিশ্বৰ দৰবাৰত সেউজ ৰাজ্যৰ আদৰ্শ হিচাপে তুলি ধৰিব পৰা যাব বুলি আশা ব্যক্ত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।