August 9, 2025 10:35 PM | sanskrit divas pm

printer

বিশ্ব সংস্কৃত দিৱস উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

বিশ্ব সংস্কৃত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনাইছে। শাওণৰ পৱিত্ৰ পূৰ্ণিমা তিথিত পালন কৰা সংস্কৃত দিৱসৰ লগত সংগতি ৰাখি যোৱা এটা দশকত জনসাধাৰণৰ মাজত সংস্কৃত ভাষাক জনপ্ৰিয় কৰি তুলিবলৈ চৰকাৰে বিভিন্ন কাম হাতত লৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সংস্কৃত বিশ্ববিদ্যালয়সমূহৰ উপৰি সংস্কৃত শিক্ষণ কেন্দ্ৰ, সংস্কৃত পণ্ডিত গৱেষকলৈ সাহায্য প্ৰদান আৰু সংস্কৃত পুথিসমূহ ডিজিটেল কৰাৰ বাবে জ্ঞান ভাৰতম অভিযান আৰম্ভ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।