চৰকাৰৰ বিভিন্ন বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰা ৫১ হাজাৰতকৈও অধিক যুৱক-যুৱতীক কাইলৈ ৰোজগাৰ মেলাৰ জৰিয়তে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ‘ব। এই উপলক্ষে ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাৰ মাধ্যমেৰে আয়োজন কৰা এটা অনুষ্ঠানত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিব ।
এই অনুষ্ঠানতে তেওঁ নৱনিযুক্ত প্ৰাৰ্থীসকলক উদ্দেশ্য কৰি ভাষণ দিব। উল্লেখযোগ্য যে নতুনকৈ নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকলক নিযুক্তিপত্ৰ বিতৰণৰ লক্ষ্যৰে কাইলৈ দেশৰ ৪৭ টা স্থানত ষোড়শ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগসমূহত নতুনকৈ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে। উত্তৰ পূৱ সীমান্ত ৰে‘লৱেৰ পৃষ্ঠপোষকতাত কাইলৈ গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুৰিত পুৱা চাৰে দহ বজাৰ পৰা এই ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ গুৱাহাটীৰ মালিগাওঁত থকা মুখ্য কাৰ্যালয় ৰং ভৱনত হবলগীয়া ৰোজগাৰ মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব।