সমগ্র দেশে আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিয়ে। ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ চৰকাৰৰ দৃষ্টিভংগীৰ দিশে দেশ ধাৱমান হোৱাৰ সময়ত উদযাপিত এইবাৰৰ স্বাধীনতা দিৱসৰ মূল বিষয়বস্তু হৈছে – ‘নতুন ভাৰত’। এই উদযাপনে সমৃদ্ধিশালী, সুৰক্ষিত আৰু সাহসী নতুন ভাৰতৰ ক্ৰমৱবৰ্ধমান উত্থানৰ বাবে এখন মঞ্চ হিচাপে কাম কৰিব আৰু প্ৰগতিৰ পথত অগ্ৰসৰ হোৱাৰ বাবে নতুন শক্তি যোগান ধৰিব। এইবেলি স্বাধীনতা দিৱসত অপাৰেচন সিন্দূৰৰ সাফল্য উদযাপন কৰা হ’ব। স্বাধীনতা দিৱসৰ বাবে অপাৰেচন সিন্দূৰৰ ল’গ’ৰ লগতে চেনাব দলঙৰ ৱাটাৰমাৰ্কযুক্ত নিমন্ত্ৰণ পত্ৰ ব্যৱহাৰ কৰা হৈছে। সমাজৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰায় ৫ হাজাৰ বিশেষ অতিথিক লালকিল্লাত স্বাধীনতা দিৱস উদযাপনৰ অনুষ্ঠান চাবলৈ আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ ভিতৰত বিশেষ অলিম্পিক ক্রীড়া মহোৎসৱ, ২০২৫-ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দল, আন্তঃৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত পদক বিজেতা আৰু খেল’ ইণ্ডিয়া পেৰা গেমছত সোণৰ পদক বিজয়ী খেলুৱৈসকল আছে। জনসাধাৰণক দেশপ্ৰেমৰ ভাৱনাৰে উদ্বুদ্ধ কৰাৰ লগতে অপাৰেচন সিন্দূৰৰ সাফল্যৰ উদযাপনকল্পে স্বাধীনতা দিৱসৰ দিনা সন্ধিয়া প্ৰথমবাৰৰ বাবে দেশজুৰি ভালেসংখ্যক বেণ্ডে সংগীত পৰিৱেশন কৰিব। স্থলসেনা, নৌসেনা, বায়ুসেনা, উপকূলৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, ভাৰত-তিববত সীমান্ত আৰক্ষী বাহিনী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিন, সীমান্ত সুৰক্ষা বাহিনী, এছ এছ বি, ৰে’ল সুৰক্ষা বাহিনী, সংহত প্ৰতিৰক্ষা গোট আৰু আছাম ৰাইফল্ছৰ বেণ্ডে সমগ্ৰ দেশৰ ১৪০টা গুৰুত্বপূৰ্ণ স্থানত সংগীতৰ সুৰ পৰিৱেশন কৰিব।
Site Admin | August 15, 2025 9:23 AM | Red Fort
দেশত আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন
