সক্রিয় শাসন আৰু সময়মতে কাৰ্যকৰীকৰণৰ বাবে প্ৰধানমন্ত্ৰীৰ ধ্বজাবাহী মঞ্চ ‘প্রগতি’ য়ে এটি উল্লেখযোগ্য মাইলৰ খুঁটিৰূপে ইয়াৰ ৫০ সংখ্যক বৈঠকৰ সফল পৰিচালনা সম্পন্ন কৰিছে।
২০১৫ চনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰাৰ পাছৰে পৰা প্ৰগতিয়ে তেওঁৰ প্রত্যক্ষ পর্যালোচনাৰ জৰিয়তে মূল আন্তঃগাঁথনি প্রকল্প আৰু ৰাইজৰ অভিযোগ-সমস্যাসমূহৰ বাস্তৱ সময়ৰ নিৰীক্ষণ আৰু সমাধান কৰি শাসন ব্যৱস্থাৰ ৰূপান্তৰ ঘটাইছে। এটা দশক ধৰি প্ৰগতিয়ে সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উপৰি মূল আন্তঃগাঁথনি প্রকল্পসমূহত বিলম্ব হোৱা সমস্যাসমূহৰ সমাধানত সহায় কৰিছে আৰু দায়বদ্ধতাৰ এটা শক্তিশালী সংস্কৃতি গঢ়ি তুলিছে।
এই প্ৰসংগতে আমাৰ সংবাদদাতাই ছত্তিশগড়ৰ ৩০নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰায়পুৰ-কোডেবোড় অংশৰ চাৰিলেনযুক্তকৰণকলৈ প্ৰস্তুত কৰা প্ৰতিবেদনত উল্লেখ কৰিছে যে, ৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাই মধ্য চত্তীশগড়ৰ ঘাইপথ আধুনিকীকৰণৰ এটি বৃহৎ পদক্ষেপৰূপে চিহ্নিত হৈছে। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন কাৰ্যসূচীৰ অধীনত ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত ৯৮৭ কোটি ৮৮ লাখ টকা ব্যয় সাপেক্ষে এই প্রকল্পটো ৰূপায়ণ কৰিছিল। কিন্তু প্রকল্পটোৱে সম্মুখীন হোৱা সামগ্রী যোগানৰ বাধা আৰু আন্তঃমন্ত্ৰালয়ৰ সমন্বয়ৰ প্ৰত্যাহ্বান আদিৰ মাজতে এই ভূমি ডিআৰডিঅ’ৰ বুলি চিনাক্ত কৰা হয় ফলত ইয়াৰ আনুষ্ঠানিক হস্তান্তৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰিকাঠামোৰ অধীনত কাম কৰিবলৈ অনুমতিৰ প্ৰয়োজন হয়।
২০২৩ চনৰ ফেব্ৰুৱাৰীত ‘প্রগতি’ৰ অধীনত প্ৰকল্পটোৰ পৰ্যালোচনা কৰা হয় আৰু প্রয়োজনীয় পদক্ষেপৰ মাজেৰে ২০২৩ চনৰ ২০ জুনত কাম আৰম্ভ কৰা হয়। বিশেষ প্রকল্পটোত অৱশিষ্ট ভূমি আৰু সামগ্রী-যোগানৰ সমস্যা আদি সমাধানৰ ক্ষেত্ৰত ‘প্রগতি’য়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।