ডাউনলোড
মোবাইল এপ

android apple
signal

কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সংকল্পৰ সৈতে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰাজ্যসভাত অপাৰেচন সিন্দূৰ বিতৰ্কত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কৰা মন্তব্যৰ শলাগ লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সংকল্পৰ সৈতে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে। কালি দিনৰ ভাগত ৰাজ্যসভাত সিন্দূৰ অভিযান সন্দৰ্ভত হোৱা বিতৰ্কত ভাগ লৈ কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই ২০০৪-২০১৪ সময়ছোৱাৰ সৈতে বৰ্তমানৰ ২০১৪-২০২৫ চনৰ সময়খিনি তুলনা কৰি ৰাষ্ট্ৰীয় সুৰক্ষা, সামৰিক প্ৰত্যুত্তৰ তথা ৰাজনৈতিক সদিচ্ছা সন্দৰ্ভত ভাৰতৰ শক্তিশালী পৰিৱৰ্তন সন্দৰ্ভত আলোকপাত কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে সম্পূর্ণ শক্তি তথা নির্ভুলভাৱে সিন্দূৰ অভিযান ৰূপায়ণ কৰা হৈছিল। তেওঁ লগতে কয়, যে ভাৰতৰ এই প্ৰত্যুত্তৰত মাত্ৰ ২২ মিনিটৰ ভিতৰতেই পাকিস্তানৰ বাহৱালপুৰ, ছিয়ালকোট আৰু মুজাফৰবাদকে ধৰি ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা হৈছিল। অপাৰেচন মহাদেৱ আৰু অপাৰেচন সিন্দূৰৰ সমন্বিত প্রয়াসেৰে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰীসকলক নিৰ্মূল কৰিবলৈ সমৰ্থ হৈছে বুলি তেওঁ লগতে প্ৰকাশ কৰে। শ্ৰীনাড্ডাই কয়, যে এই নির্ণায়ক আক্ৰমণৰ ফলত লস্কৰ-ই-তৈবা, জেইচ-ই-মহম্মদ আৰু হিজবুল মুজাহিদ্দিনৰ লেখীয়া গুৰুত্বপূৰ্ণ সন্ত্রাসবাদী ঘাটীসমূহ ধ্বংস হৈছে। তেওঁ কয়, যে গোলকীয় সম্প্রদায়ে ভাৰতৰ এই কাৰ্যক সম্পূৰ্ণ সমর্থন প্ৰদান কৰিছে। পেহেলগাম আক্ৰমণৰ পাছত ৬১ গৰাকী বিশ্ব নেতাই এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে। আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলে এতিয়া ভাৰতত বিশ্বৰ প্ৰতিৰক্ষা আৰ্হি হিচাপে বিবেচনা কৰিবলৈ লৈছে বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।