প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত এম এছ স্বামীনাথন শতবার্ষিক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত এম এছ স্বামীনাথন শতবার্ষিক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। কৃষি বিজ্ঞান আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত অগ্রণী ব্যক্তি, অধ্যাপক স্বামীনাথনৰ জন্মশতবৰ্ষ উদযাপনৰ লক্ষ্যৰে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমীৰ সহযোগত এম এছ স্বামীনাথন গৱেষণা প্ৰতিষ্ঠানে কাইলৈৰ পৰা অহা শনিবাৰলৈ এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে। এই সন্দৰ্ভত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালকপ্ৰধান ড° এম এল জাতে সাংবাদিকৰ আগত কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই অনুষ্ঠানতে বিশিষ্ট বিজ্ঞানীগৰাকীৰ সন্মানাৰ্থে ভাৰত চৰকাৰৰ তৰফৰ পৰা এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকট মুকলি কৰিব। ভাৰতক এখন খাদ্যৰ অভাৱী ৰাষ্ট্ৰৰ পৰা প্ৰচুৰ খাদ্য সম্ভাৰেৰে পূৰ্ণ ৰাষ্ট্ৰলৈ পৰিণত কৰাৰ ক্ষেত্ৰত অধ্যাপক স্বামীনাথনৰ গুৰুত্বপূর্ণ ভূমিকাত সঞ্চালকপ্রধানগৰাকীয়ে আলোকপাত কৰে। এম এছ স্বামীনাথন গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ সৌম্যা স্বামীনাথনে এই সন্মিলনৰ আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব আৰু বিশ্বব্যাপী বহনক্ষম কৃষিৰ ভৱিষ্যৎ নিৰ্মাণত ইয়াৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। চিৰ সেউজ বিপ্লৱ- জৈৱ আনন্দৰ পথ মূলমন্ত্ৰৰে আয়োজিত এই সন্মিলনত বহনক্ষম আৰু ন্যায়সংগত বিকাশৰ ক্ষেত্ৰত অধ্যাপক স্বামীনাথনৰ জীৱনজোৰা অৱদানৰ প্ৰতি সন্মান জনোৱা হ’ব। এই সন্মিলনে চিৰ সেউজ বিপ্লৱৰ সিদ্ধান্তসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আলোচনাৰ বাবে বিজ্ঞানী, নীতি নির্মাতা, উন্নয়ন পেছাদাৰী তথা অংশীদাৰসকলক এখন গোলকীয় মঞ্চ প্রদান কৰিব। এই সন্মিলনত জৈৱ বৈচিত্ৰ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰ, ব্যাপক আৰু প্রযুক্তিচালিত জীৱন ধাৰণৰ সমাধান, বিকাশৰ দিশত যুৱ, মহিলা আৰু সমূদায়ৰ অংশগ্রহণ আদিকে ধৰি ভালেমান গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।