প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এটা বিশেষ কৃষি কাৰ্যসূচীত কৃষি আৰু অন্যান্য অনুষংগিক খণ্ডৰ ৪২ হাজাৰৰো অধিক টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ উন্মোচন আৰু আধাৰশিলা স্থাপন কৰিব। কৃষিখণ্ডত শ্রীমোদীয়ে প্রধানমন্ত্ৰী ধন ধান্য যোজনা আৰু দাইল ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অভিযান মুকলি কৰিব। এই অনুষ্ঠানতে প্রধানমন্ত্ৰীয়ে কৃষকসকলৰ সৈতে মত বিনিময় কৰিব। এই কাৰ্যসূচীয়ে কৃষকসকলৰ কল্যাণ, কৃষি আত্মনিৰ্ভৰশীলতা আৰু গ্ৰাম্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে চৰকাৰৰ অবিৰত প্ৰতিশ্ৰুতিবদ্ধতাকেই প্রতিফলিত কৰে। আজি মুকলি কৰিবলগীয়া ধন-ধান্য যোজনাৰ উদ্দেশ্যে হৈছে সমগ্ৰ দেশৰ কৃষিৰ কম উৎপাদন হোৱা ১০০খন জিলাত ব্যাপক কৃষি বিকাশ আৰু কৃষকৰ আয় বৃদ্ধি কৰা। এই আঁচনিৰ জৰিয়তে খেতিপথাৰলৈ জলসিঞ্চনৰ সুবিধা সুনিশ্চিত কৰা, শস্য বিবিধতাৰ প্ৰসাৰ আৰু ঋণ তথা মজুতকৰণ আন্তঃগাঁথনি সহজলভ্য কৰি তুলিব বিচৰা হৈছে। আনহাতে দাইল আত্মনিৰ্ভৰশীল অভিযানৰ অধীনত ৰহৰ, মাটি মাহ আৰু মচুৰৰ দৰে প্ৰধান দাইলজাতীয় শস্য উৎপাদন বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হ’ব। এই অভিযানৰ অধীনত কেন্দ্ৰীয় সংস্থাসমূহে পঞ্জীকৃত খেতিয়কৰ ১০০ শতাংশ উৎপাদিত শস্য ন্যূনতম সমর্থন মূল্যত ক্রয় কৰিব আৰু ইয়াৰ জৰিয়তে খেতিয়কসকলে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰিবলৈ সমৰ্থ হ’ব। এই অভিযানৰ মাধ্যমেৰে মাহজাতীয় শস্য খেতি কৰা মাটিৰ পৰিমাণ বৃদ্ধি আৰু উৎপাদন বৃদ্ধিৰ বাবে কাম কৰা হ’ব। দাইলৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ দিশৰ পৰা এই পদক্ষেপ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কৃষি মন্ত্ৰালয়ে কৈছে যে এই উদ্যমসমূহে অনাগত সময়ত ভাৰতৰ খাদ্য সুৰক্ষাৰ দিশটো সুদৃঢ় কৰাই নহয়, বৰং দেশক দাইলৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনির্ভশীলতা অৰ্জনৰ দিশে লৈ যাব ৷ এই উপলক্ষে প্রধানমন্ত্রীয়ে কৃষি আন্তঃগাঁথনি পুঁজি, পশুপালন, মীন পালন আৰু খাদ্য প্ৰসংস্কৰণ খণ্ডত ৫ হাজাৰ ৪৫০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে প্রায় ৮১৫ কোটি টকা ব্যয় সাপেক্ষ আন কেইটামান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।
Site Admin | October 11, 2025 12:01 PM | pm new delhi
নতুন দিল্লীত আজি কৃষি আৰু অন্যান্য অনুষংগিক খণ্ডৰ কেইবাটাও প্ৰকল্পৰ উন্মোচন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
