প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৬২ হাজাৰ কোটিৰো অধিক মূল্যৰ যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰে। যুৱ দক্ষতাৰ বাবে এটা ঐতিহাসিক পদক্ষেপ হিচাপে প্রধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে এহেজাৰ আই টি আই উন্নীতকৰণৰ বাবে পি এম সেতু আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সমাবেশক সম্বোধন কৰি কয় যে ৰাষ্ট্ৰ নিৰ্মাণত দক্ষতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে তেওঁৰ চৰকাৰে দক্ষতা আৰু উদ্ভাৱনত শক্তিশালী গুৰুত্বৰে ভৱিষ্যতৰ বাবে নেতৃত্ব দিবলৈ যুৱশক্তিক প্ৰস্তুত কৰাইছে। ভাৰত জ্ঞান আৰু দক্ষতাৰ এখন দেশ আৰু বৌদ্ধিক সামৰ্থ দেশৰ মহানতম শক্তি বুলি শ্রীমোদীয়ে আলোকপাত কৰে। আই টি আইসমূহ এখন আত্মনিৰ্ভৰ ভাৰতৰ কর্মশালা বুলিও শ্রীমোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। শ্ৰীমোদীয়ে বিহাৰৰ বাবে মুখ্যমন্ত্রী নিশ্চিত স্বয়ম সহায়তা যোজনাও আৰম্ভ কৰে। এই যোজনা অনুসৰি স্নাতক যুৱক-যুৱতীসকলক ২ বছৰৰ বাবে মাহিলী এহেজাৰ টকাৰ ভাট্টা প্ৰদান কৰা হ’ব। ইয়াৰপৰি প্ৰধানমন্ত্ৰীয়ে বিহাৰত জননায়ক কাপুৰী ঠাকুৰ দক্ষতা বিশ্ববিদ্যালয় উদ্বোধন কৰে। বিহাৰৰ চাৰিখন বিশ্ববিদ্যালয়ৰ নতুন শৈক্ষিক আৰু গৱেষণামূলক সুবিধাৰ আধাৰশিলা স্থাপন আৰু পাটনা এন আই টিৰ এটা নতুন চৌহদো মুকলি কৰে। প্রধানমন্ত্ৰী মোদীয়ে লগতে ৩৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে নৱোদয় বিদ্যালয় আৰু একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত ১২০০ দক্ষতা বিকাশ কেন্দ্ৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে দক্ষতা দীক্ষান্ত সমাৰোহত আই টি আইৰ শীৰ্ষ স্থান অধিকাৰ কৰা যুৱক-যুৱতীসকলক সম্বৰ্ধনা জনায়।
Site Admin | October 4, 2025 9:21 PM | pm new delhi
নতুন দিল্লীত ৬২ হাজাৰ কোটিৰো অধিক মূল্যৰ যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ