December 8, 2025 12:01 PM | PM- unesco

printer

আধুনিকীকৰণ আৰু নগৰীকৰণে সাংস্কৃতিক বান্ধোনক বিচ্ছিন্ন কৰাৰ পৰিৱৰ্তে ভাৰতীয় সংস্কৃতিক শক্তিশালী কৰিছে- প্রধানমন্ত্রী

আধুনিকীকৰণ আৰু নগৰীকৰণে সাংস্কৃতিক বান্ধোনক বিচ্ছিন্ন কৰাৰ পৰিৱৰ্তে ভাৰতীয় সংস্কৃতিক শক্তিশালী কৰিছে। ভাৰতৰ বিকাশ ভী, বিৰাসত ভী মূলমন্ত্রই এই প্রতিশ্রুতিকে সুনিশ্চিত কৰিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রীমোদীয়ে কয়, যে কোনো পৰম্পৰা, শিল্পী, অথবা সম্প্রদায় যাতে চৰকাৰৰ সমৰ্থনৰ পৰা বঞ্চিত নহয়, সেয়া সুনিশ্চিত কৰা হৈছে।

নতুন দিল্লীত অনুষ্ঠিত ইউনেস্ক’ৰ বিমূর্ত সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষাৰ বাবে থকা আন্তঃচৰকাৰী সমিতিৰ ২০ সংখ্যক সম্মিলনৰ উদ্বোধনী অনুষ্ঠানত কালি প্রধানমন্ত্রী মোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতৰ বাবে ঐতিহ্য কেতিয়াও নষ্টাল’জিয়াৰ বিষয় হ’ব নোৱাৰে, বৰঞ্চ এয়া হৈছে জ্ঞান, সৃষ্টিশীলতা আৰু সামাজিক প্ৰমূল্যৰ অবিৰত ধাৰাৰ প্রতীকস্বরূপ। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সংস্কৃতি কেৱল কীর্তিচিহ্ন বা পাণ্ডুলিপিৰে সমৃদ্ধ নহয় বৰং এয়া উৎসব, পৰম্পৰা, শিল্প, কলা আদিৰ দৰে মানুহৰ দৈনন্দিন অভিব্যক্তিৰ সৈতে জড়িত আৰু এই কথা অনুধাৱন কৰিয়েই ভাৰতৰ সভ্যতাজোৰা যাত্রা গঢ়ি উঠিছে। ইউনেস্ক’ই এনে বিমূর্ত ঐতিহ্যসমূহ সংৰক্ষণৰ ক্ষেত্ৰত এটা গোলকীয় পৰিকাঠামো সৃষ্টিৰ জৰিয়তে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে এনে বহু সম্পদ ইউনেস্ক’ৰ তালিকাত অন্তর্ভুক্ত হোৱাকলৈ ভাৰতে গৌৰৱবোধ কৰে।

উল্লেখযোগ্য যে ভাৰতে এইবাৰ বিমূর্ত সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষাৰ বাবে থকা আন্তঃচৰকাৰী সমিতিৰ ২০ সংখ্যক সম্মিলনৰ আয়োজন কৰিছে। আজিৰে পৰা ১৩ ডিচেম্বৰলৈ নতুন দিল্লীৰ লালকিল্লাত এই সম্মিলন অনুষ্ঠিত হ’ব। ভাৰতে এই বছৰ ইউনেস্ক’ৰ বিমূর্ত সাংস্কৃতিক ঐতিহ্য তালিকাত অন্তর্ভুক্তিৰ বাবে পোহৰৰ উৎসৱ দীপাৱলীক মনোনীত কৰিছে।