প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন কৰিব। ভাৰতক আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰাৰ লক্ষ্যৰ আধাৰত শ্ৰীমোদীয়ে আজি নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায় মুকলি কৰিব। ভাৰতৰ সৰ্ববৃহৎ সেউজ ক্ষেত্ৰ বিমান বন্দৰ হিচাপে পৰিগণিত হ’বলগীয়া নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো প্ৰথম পৰ্যায় ১৯ হাজাৰ ৬৫০ কোটি টকা ব্যয়ৰে সম্পূৰ্ণ কৰা হৈছে। এই বিমান বন্দৰটোৱে বছৰি ৯ কোটি যাত্ৰী আৰু ৩২ দশমিক ৫ লাখ মেট্রিকটন সামগ্ৰী পৰিবহণত সহায় কৰিব বুলি আশা কৰা হৈছে। আজিৰ ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে মুম্বাই মেট্ৰ’ৰ তৃতীয় লাইনৰ টু-বি পৰ্যায়টো মুকলি কৰিব। প্ৰায় ১২ হাজাৰ ২০০ কোটি টকা ব্যয়ৰে মুম্বাই মেট্ৰ’ৰ এই ৰে’লপথছোৱা নিৰ্মাণ কৰি উলিওৱা হৈছে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৩৭ হাজাৰ ২৭০ কোটি টকাৰো অধিক ধনৰ ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা মুম্বাই মেট্ৰ’ৰ তৃতীয়টো লাইন ৰাষ্ট্ৰৰ নামত উৎসর্গা কৰিব। এই ৰে’লপথছোৱাৰ উদ্বোধনে মহানগৰখনৰ নগৰীয়া যাতায়াত সুচল কৰি তুলিব বুলি আশা কৰা হৈছে।
Site Admin | October 8, 2025 1:34 PM | pm navi mumbai airport
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায় মুকলি কৰিব
