প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে তিনিদিনীয়া ভ্রমণসূচীৰে ব্রুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ’ব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰত্নধীৰ জয়ছোৱালে কয় যে, প্রধানমন্ত্রী মোদী ব্রুনেই ছুলতান হাজী হছনল বোলকিয়াৰ আমন্ত্ৰম মৰ্মে ৩ ছেপ্তেম্বৰত ব্রুনেৰ ডাৰুচ্ছালামত উপস্থিত হ’ব। এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্রী প্রথম দ্বিপাক্ষিক ব্রুনেই যাত্ৰা হ’ব বুলি মুখ্যপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰত আৰু ব্ৰুনেৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৪০ সংখ্যক বাৰ্ষিকীৰ সময়ত প্ৰধানমন্ত্রী মোদী দেশখনলৈ যাব। শ্রীজয়ছোৱালে কয় যে, প্রধানমন্ত্রী মোদী তেওঁৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ছিংগাপুৰৰ প্ৰধানমন্ত্রী লৰেঞ্চ ৱঙৰ নিমন্ত্ৰণ মৰ্মে বুধবাৰে ছিংগাপুৰত উপস্থিত হ’ব। বাংলাদেশৰ বান সন্দৰ্ভত ভাৰতক জগৰীয়া কৰি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি বিদেশ মন্ত্ৰালয়ে খণ্ডণ কৰিছে। সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে কয় যে, এনে ধৰণৰ বাতৰি বিভ্ৰান্তিকৰ আৰু তথ্যগতভাৱে ভুল। তেওঁ কয় যে সংবাদমাধ্যমৰ বাতৰিত ভাৰতে বৰ্তমানৰ জল সম্পদ ব্যৱস্থাপনাৰ যুটীয়া ব্যৱস্থাৰ জৰিয়তে বাংলাদেশৰ সৈতে নিয়মীয়াভাৱে গুৰুত্বপূৰ্ণ তথ্যৰ আদান-প্ৰদান কৰাৰ বিষয়টোক সংবাদ মাধ্যমৰ বাতৰিত আওকাণ কৰা হৈছে। ইউক্রেইন সম্পর্কে সোধা এটা প্ৰশ্নৰ উত্তৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰগৰাকীয়ে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শেহতীয়া উচ্চ পৰ্যায়ৰ ভ্ৰমণসহ কিভ মহলৰ সৈতে হোৱা ভাৰতৰ দ্বিপাক্ষিক আলোচনাৰ পৰা পথ ওলোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে, ভাৰতে এই ভ্রমণে শক্তিশালী দ্বিপাক্ষিক সম্পৰ্কৰ পথ প্ৰশস্ত কৰিব আৰু ইউক্ৰেইনৰ সংঘৰ্ষৰ সমাধান সম্পর্কে অধিক দূৰদৰ্শী আলোচনাৰ সুযোগ প্ৰদান কৰিব বুলি বিশ্বাস কৰে ।
Site Admin | August 31, 2024 12:45 PM | PM Narendra Modi to be on 3-day visit to Brunei & Singapore from Sep 3
তিনিদিনীয়া ভ্রমণসূচীৰে মঙলবাৰে ব্রুনেই আৰু ছিংগাপুৰলৈ যাব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
