মহাকাশ খণ্ডত ভাৰতে উল্লেখযোগ্য অগ্রগতি লাভ কৰিছে আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মান সহজ কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, মহাকাশ খণ্ডত ভাৰতে আজি উল্লেখযোগ্য অগ্রগতি লাভ কৰিছে আৰু দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান সহজ কৰি তুলিছে। মহাকাশ দিৱস উপলক্ষে এটা ভিডিঅ’ বার্তাযোগে শ্ৰী মোদীয়ে কয়, যে ভাৰতে মহাকাশ প্রযুক্তি কেৱল বৈজ্ঞানিক সম্পৰীক্ষা নহয়, ই লগতে জনসাধাৰণৰ জীৱন ধাৰণ সহজ কৰি তুলিছে। তেওঁ কয়, যে বর্ধিত মহাকাশ প্রযুক্তি চৰকাৰৰ প্ৰশাসনীয় কামকাজৰ এটা অংশ হৈ পৰিছে। শ্ৰী মোদীয়ে কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে কৃষকৰ খাদ্য শস্যৰ বীমাৰ মূল্যাংকণ কৰাৰ বাবে ব্যৱহাৰ কৰা প্ৰযুক্তি, মাছমৰীয়াসকলৰ সুৰক্ষা আৰু তথ্য প্ৰদানৰ ব্যৱস্থা, দুর্যোগ প্রশমন আৰু প্ৰধানমন্ত্ৰী গতি-শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ ভৌগোলিক তথ্য আহৰণৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয়, যে নতুন প্রযুক্তিৰে বিকশাই তোলা চেমি ক্রায়োজেনিক ইঞ্জিন আৰু ইলেকট্রিক প্ৰপালচনৰ জৰিয়তে অচিৰেই গগনযান উৎক্ষেপন কৰা হ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে অনাগত সময়ত ভাৰতে নিজৰ মহাকাশ কেন্দ্ৰ স্থাপন কৰিব বুলি দৃঢ়তা প্ৰকাশ কৰিছে। শ্রী মোদীয়ে কয়, যে অতি কম সময়ৰ, ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস, যুৱ প্ৰজন্মৰ মাজত উৎসাহ আৰু আকৰ্ষণৰ বিষয় হৈ পৰিছে। তেওঁ লগতে কয়, যে মহাকাশ খণ্ডত ভাৰতে এটাৰ পাছত এটা উল্লেখযোগ্য সফলতা অর্জন কৰিছে। বিগত ১১ বছৰত চৰকাৰে মহাকাশ খণ্ডৰ বাবে ভালেমান সংস্কাৰ সাধন কৰিছে। প্রধানমন্ত্রী মোদীয়ে ঘোষণা কৰে যে, অচিৰেই ব্যক্তিগত খণ্ডই বিকশাই তোলা প্রথম পি এছ এল ভি ৰকেটৰ উৎক্ষেপন কৰা হ’ব । তেওঁ সন্তুষ্টি প্ৰকাশ কৰি কয়, যে ভাৰতৰ প্ৰথম ব্যক্তিগত যোগাযোগ উপগ্ৰহ বিকশিত কৰাৰ কাম অব্যাহত আছে। তেওঁ লগতে কয়, যে ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰে এটা ভূ-পর্যবেক্ষণ কৃত্রিম উপগ্ৰহ মুকলি কৰাৰ বাবে প্রস্তুতি অব্যাহত আছে। দুবছৰ পূৰ্বে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত চন্দ্ৰযান অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈ ইতিহাস ৰচা সন্দৰ্ভত শ্রী মোদীয়ে কয়, যে ভাৰত ডকিং আৰু আন ডকিং প্রযুক্তিৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা চতুৰ্থখন দেশ হিচাপে ভাৰত পৰিগণিত হয়। তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ৰাষ্ট্ৰীয় পতাকা উৰুৱাই প্ৰতিগৰাকী ভাৰতীয়ক গৌৰৱান্বিত কৰা গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক তিনিদিন পূৰ্বে সাক্ষাৎ কৰাৰ কথা উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।