ভাৰত আৰু বাংলাদেশৰ মাজত বিভিন্ন ক্ষেত্ৰৰ কেইবাখনো চুক্তিত স্বাক্ষৰ আৰু কেইবাখনো বুজাবুজি চুক্তি নৱীকৰণ

ভাৰত আৰু বাংলাদেশে আজি বিভিন্ন ক্ষেত্ৰৰ কেইবাখনো চুক্তিত স্বাক্ষৰ কৰাৰ লগতে কেইবাখনো বুজাবুজি চুক্তি নৱীকৰণ কৰিছে। এই চুক্তিসমূহৰ ভিতৰত ডিজিটেল আৰু সেউজ অংশীদাৰিত্ব, সামুদ্রিক সহযোগিতা, সামুদ্রিক অর্থনীতি, স্বাস্থ্য আৰু চিকিৎসা, মহাকাশ সহযোগিতা, ৰে’ল যোগাযোগ, সামুদ্রিক বিজ্ঞান, দুর্যোগ ব্যৱস্থাপনা আৰু মীন পালন অন্যতম। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত ভ্ৰমণৰত বাংলাদেশৰ প্রধানমন্ত্ৰী শ্বেইখ হাছিনাৰ মাজত নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত অনুষ্ঠিত দ্বিপাক্ষিক আলোচনাৰ পাছত এই চুক্তিত স্বাক্ষৰ কৰা হয়। প্রধানমন্ত্রীয়ে এটা প্ৰেছ বিবৃতিত কয় যে বাংলাদেশ ভাৰতৰ চুবুৰীয়া প্ৰথম আৰু এক্ট ইষ্ট নীতি তথা সাগৰ আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ মূল ভেটিস্বৰূপ। তেওঁ কয় যে বিগত বছৰত দুয়োখন ৰাষ্ট্ৰই জনকল্যাণৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সম্পূৰ্ণ কৰিছে। শ্রীমোদীয়ে কয় যে গংগা নৈৰ ওপৰেৰে দেশ দুখনৰ মাজত বিশ্বৰ দীৰ্ঘতম নৈ প্রমোদ যাত্রা সফলতাৰে সম্পূৰ্ণ হোৱাৰ লগতে মৈত্রী পাইপ লাইনো সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে বাংলাদেশৰ জনসাধাৰণক চিকিৎসা সুবিধা প্ৰদান কৰাৰ বাবে সোনকালে ই-চিকিৎসা ভিছা মুকলি কৰিব। তদুপৰি দেশখনৰ ৰংপুৰত নতুন সহকাৰী উচ্চায়ুক্ত কাৰ্যালয় মুকলি কৰাৰ বাবেও সিদ্ধান্ত লোৱা হৈছে। দুয়োখন দেশে পাৰস্পৰিক বাণিজ্য, যোগাযোগ আৰু সহযোগিতাৰ দিশত গুৰুত্ব দিছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে ডিজিটেল আৰু শক্তি সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ইয়াৰ ফলত দুয়োখন দেশৰ অৰ্থনীতি বিকাশ ত্বৰান্বিত হ’ব বুলি শ্রীমোদীয়ে মন্তব্য কৰে। আনহাতে দুয়োখন ৰাষ্ট্ৰই সৰ্বাত্মক অর্থনৈতিক অংশীদাৰিত্ব চুক্তিক লৈ আলোচনা কৰিবলৈ সাজু বুলিও তেওঁ মন্তব্য কৰে। আনহাতে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰেছ বিবৃতিত ভাৰতত বিশ্বাসী বন্ধু আৰু আঞ্চলিক সহযোগী বুলি অভিহিত কৰে। তেওঁ প্ৰধানমন্ত্ৰী মোদীক দুয়ো দেশৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক শক্তিশালী কৰাৰ বাবে দেশখন ভ্ৰমণ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীক আজি পুৱাৰ ভাগত ৰাষ্ট্ৰপতি ভৱনৰ চৌহদত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। পাছত শ্ৰীমতী হাছিনাই ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।