প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অম্মানত জর্ডানৰ ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ সৈতে প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজত ৭৫ বছৰীয়া কূটনৈতিক সম্পৰ্কৰ বিষয়ে আলোকপাত কৰা হয়। প্রধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে জর্ডানৰ দৃঢ় স্থিতিৰ প্ৰশংসা কৰি ভাৰত আৰু জৰ্ডানৰ মাজত সন্ত্ৰাসবাদ প্রতিহত কৰাৰ ক্ষেত্ৰত এক উমৈহতীয়া পন্থা আছে বুলি কয়। প্রধানমন্ত্ৰীয়ে ২০১৫ চনত দুয়োখন ৰাষ্ট্ৰৰ মাজত হোৱা প্ৰথমখন বৈঠকৰ কথা উল্লেখ কৰি ৰজা দ্বিতীয় আব্দুলাৰ নেতৃত্বক প্ৰশংসা কৰে। শ্ৰীমোদীয়ে কয়, যে অন্যান্য ক্ষেত্ৰসমূহৰ লগতে দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰা হ’ব। ৰজা আব্দুলা দ্বিতীয়ই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতৰ প্ৰচেষ্টাত জর্ডানৰ দৃঢ় সমর্থন আছে বুলি জনায়। ত্রিদেশীয় ভ্ৰমণৰ দ্বিতীয় পর্যায়ত প্রধানমন্ত্রী মোদী আজি সন্ধিয়া দুদিনীয়া কাৰ্যসূচীৰে ইথিওপিয়াৰ ৰাজধানী আদ্দিছ আবাবালৈ যাব। এয়া হ’ব তেওঁৰ প্ৰথমটো ইথিওপিয়া আৰু আফ্ৰিকা মহাদেশলৈ দ্বিতীয়টো ভ্রমণ। শ্রীমোদীয়ে ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড০ এবি আহমেদ আলীৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সন্দৰ্ভত আলোচনাত মিলিত হ’ব। গোলকীয় দক্ষিণৰ অংশীদাৰ হিচাপে প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে উভয় ৰাষ্ট্ৰৰ মাজৰ ঘনিষ্ঠ বন্ধুত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা নিশ্চিত কৰাৰ লগতে দ্বিপাক্ষিক সহযোগিতা ব্যাপক কৰি তুলিব। দুয়োগৰাকী নেতাই কৃষি, খনি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, সৌৰ জোঁটবন্ধন আৰু চাইবাৰ নিৰাপত্তা আদি খণ্ডত ভাৰতৰ বিনিয়োগ সম্পর্কে পর্যালোচনা কৰাৰ সম্ভাৱনা আছে। এই ভ্রমণকালত নেতা দুয়োগৰাকীয়ে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহতো পৰ্যালোচনা কৰাৰ সম্ভাৱনা আছে। শ্রীমোদীয়ে ইথিওপিয়াৰ সংসদৰ যুটীয়া অধিৱেশনতো ভাষণ দিব। ভ্ৰমণৰ তৃতীয় তথা অন্তিম পর্যায়ত প্রধানমন্ত্রী মোদী ১৭ ডিচেম্বৰত ওমানলৈ যাব আৰু তাত তেওঁ ছুলতান হেইম ইবন তাৰিকক সাক্ষাৎ কৰিব। ভাৰত আৰু ওমানৰ মাজত কূটনৈতিক সম্পর্কই ৭০ বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব।
Site Admin | December 16, 2025 12:29 PM | PM Modi’s Visit to Jordan
জর্ডানত ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্রতিনিধি পৰ্যায়ৰ বৈঠক