প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া চীন ভ্রমণক প্ৰশংসা কৰি ইয়াক গোলকীয় মঞ্চত ভাৰতৰ কুটনৈতিক আৰু কৌশলগত উপস্থিতিক শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ হিচাপে অভিহিত কৰিছে। প্রধানমন্ত্ৰীগৰাকীৰ সফল চীন ভ্রমণ তেওঁৰ কূটনৈতিক দক্ষতা আৰু ভূ- ৰাজনৈতিক সমস্যাসমূহৰ বাবে ব্যাহত ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ দক্ষতাৰ সাক্ষ্য বুলি সামাজিক মাধ্যমত লিখা এটা প’ষ্টত শ্রীসিঙে উল্লেখ কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণে ছাংহাই সহযোগিতা সংস্থাৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰি তুলিলে। এই ভ্রমণে সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত ভাৰতৰ স্থিতি সুদৃঢ় কৰিলে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে এই ফলপ্রসূ ভ্ৰমণৰ বাবে শ্রীমোদীক অভিনন্দন জ্ঞাপন কৰে।
Site Admin | September 2, 2025 1:55 PM | PM Modi’s China Visit Strengthens India’s Global Presence Defence Minister Rajnath Singh
প্রধানমন্ত্ৰীৰ চীন ভ্ৰমণে ছাংহাই সহযোগিতা সংস্থাৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰি তুলিলেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
