প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি কানাডাৰ কানানাস্কিছত জি-ছেভেন শীর্ষ সন্মিলনত অংশ ল’ব। এয়া হ’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰা ক্ৰমাগত ষষ্ঠখন জি-ছেভেন শীৰ্ষ সন্মিলন। কানাডাৰ প্রধানমন্ত্রী মার্ক কাৰ্নিৰ আমন্ত্রণমৰ্মে দেশখনলৈ যোৱা শ্ৰীমোদীয়ে সন্মিলনৰ আপাহতে ভালেকেইখন দ্বিপাক্ষিক বৈঠকতো ভাগ ল’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে জি-ছেভেন ৰাষ্ট্ৰগোষ্ঠীৰ নেতা, অন্যান্য আমন্ত্ৰিত দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰব্বীসকলৰ সৈতে গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত মত বিনিময় কৰিব। ইয়াৰ ভিতৰত শক্তি সুৰক্ষা, প্রযুক্তি, উদ্ভাৱন, কোৱাণ্টাম সম্পৰ্কীয় আলোচনা আদিয়ে আগস্থান লাভ কৰিব বুলি আশা কৰা হৈছে।
Site Admin | June 17, 2025 9:54 AM | PM Modi to participate in G-7 Summit at Kananaskis in Canada this evening
কানাডাৰ কানানাস্কিছত জি-ছেভেন শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে