প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া নতুন দিল্লীৰ সৰ্বোচ্চ ন্যায়ালয়ত আইনী সহায় প্রদান ব্যৱস্থা সুদৃঢ়কৰণ সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। শ্রীমোদীয়ে এই সন্মিলনত ৰাষ্ট্ৰীয় বৈধ সেৱা প্ৰাধিকৰণে প্ৰস্তুত কৰা সামূহিক মধ্যস্থতা প্রশিক্ষণ ব্যৱস্থা মুকলি কৰাৰ লগতে সমাৱেশতো অংশ ল’ব। দুদিনীয়া এই সন্মিলনত আইনী সাহায্য প্ৰতিৰক্ষা পৰামৰ্শ ব্যৱস্থা, অৰ্ধ আইনী স্বেচ্ছাসেৱক, অধিবক্তাৰ দল, স্থায়ী লোক আদালত আৰু আইন সেৱা প্ৰতিষ্ঠানসমূহৰ আৰ্থিক ব্যৱস্থাপনা সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব।
নতুন দিল্লীৰ সৰ্বোচ্চ ন্যায়ালয়ত আইনী সহায় প্রদান ব্যৱস্থা সুদৃঢ়কৰণ সন্দৰ্ভত ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে