নতুন দিল্লীত কৃষি আৰু গ্ৰাম্য সমৃদ্ধি সন্দৰ্ভত আয়োজিত দিনজোৰা বাজেটোত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি দুপৰীয়া নতুন দিল্লীত কৃষি আৰু গ্ৰাম্য সমৃদ্ধি সন্দৰ্ভত আয়োজিত এখন দিনজোৰা বাজেটোত্তৰ ৱেবিনাৰত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দিব। এই অনুষ্ঠানত সকলো কেন্দ্রীয় মন্ত্ৰীয়ে অংশগ্রহণ কৰিব। ২০২৫ বৰ্ষৰ বাজেটত ঘোষণা কৰা সিদ্ধান্তসমূহ ফলপ্রসূভাৱে ৰূপায়ণ কৰাৰ অর্থে অংশীদাৰসকলক জড়িত কৰাৰ লক্ষ্যৰে এই ৱেবিনাৰত আলোচনা কৰা হ’ব। কৃষি খণ্ডৰ বিকাশ আৰু গ্ৰাম্য সমৃদ্ধি সন্দৰ্ভত বাজেটত নিৰ্ধাৰণ কৰা এই লক্ষ্যত সহযোগিতাৰে উপনীত হোৱাতো নিশ্চিত কৰাৰ ক্ষেত্ৰত এই বেবিনাৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানো এই অনুষ্ঠানত উপস্থিত থাকে। এই ৱেবিনাৰৰ লক্ষ্য হৈছে সকলোৰে মতামত গ্রহণ কৰি আৰু আলোচনা-বিলোচনাৰ মাধ্যমেৰে নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে সময় মতে আৰু সমন্বয়ৰে কাৰ্যপন্থা গ্রহণ কৰা ৷ ইয়াৰ লগতে এই ৱেবিনাৰৰ আন এটা লক্ষ্য হৈছে ব্যক্তিগত খণ্ডৰ বিশেষজ্ঞসকলকে ধৰি ঔদ্যোগিক প্ৰতিনিধি, বিষয়বস্তুৰ বিশেষজ্ঞ আদি মূল অংশীদাৰসকলক ২০২৫ বৰ্ষৰ বাজেত ৰূপায়ণ ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা।