প্রধানমন্ত্ৰীয়ে আজি সন্ধিয়া বোছাসন্ন্যাসী অক্ষৰ পুৰুষোত্তম স্বামী নাৰায়ণ সংস্থাৰ সোণালী জয়ন্তী সমাৰোহক সম্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেল ব্যৱস্থাৰে আজি সন্ধিয়া বোছাসন্ন্যাসী অক্ষৰ পুৰুষোত্তম স্বামী নাৰায়ণ সংস্থা (BAPS)ৰ সোণালী জয়ন্তী সমাৰোহক সম্বোধন কৰিব। আমাৰ সংবাদদাতাই জনোৱা মতে, এই সংস্থাৰ স্বেচ্ছাসেৱকসকলে আগবঢ়াই অহা সেৱাৰ প্ৰতি সন্মান জনাই মহন্ত স্বামী মহাৰাজে যোৱা ২৮ জানুৱাৰীত এই বছৰজোৰা মহোৎসৱ মুকলি কৰিছিল। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি এই মহোৎসৱৰ সামৰণি পৰিব। মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৩০ খন দেশৰ ১ লাখতকৈ অধিক প্রতিনিধিয়ে ভাগ ল’ব। অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পাটেলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।