বিগত ১১ বছৰত বিহাৰৰ সমৃদ্ধি আৰু দ্ৰুত প্ৰগতিৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা বিকাশৰ প্ৰতীক হিচাপে পৰিগণিত হৈছেঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে বিগত ১১ বছৰত বিহাৰৰ সমৃদ্ধি আৰু দ্ৰুত প্ৰগতিৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা বিকাশৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে। বিহাৰৰ ছিৱানৰ এখন ৰাজহুৱা জনসভাত সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে এন ডি এ চৰকাৰে বিহাৰৰ উন্নয়নৰ বাবে ভালেমান পদক্ষেপ গ্রহণ কৰিছে আৰু অনাগত দিনত ভালেমান পদক্ষেপ হাতত লোৱা হ’ব। শ্রীমোদীয়ে কয় যে এন ডি এ চৰকাৰে সব কা সাথ, সব কা বিকাশ মন্ত্ৰৰে কাম কৰি থকাৰ বিপৰীতে কংগ্ৰেছ আৰু আৰ জে ডিয়ে মাথোঁ পৰিবাৰ কা সাথ, পৰিবাৰ কা বিকাশ মন্ত্ৰৰে ৰাজনীতি কৰিছে। তেওঁ কয় যে বিহাৰৰ বিৰোধী দলসমূহে বিহাৰৰ উন্নয়ন আৰু বিনিয়োগৰ বিপক্ষে কাম কৰিছে। প্ৰধানমন্ত্রীয়ে লগতে কয় যে বিৰোধী দলসমূহে সংবিধানৰ প্রণেতা বাবা চাহেব ড০ বি আৰ আম্বেদকাৰৰ প্ৰতি অলপতে অপমানসূচক মন্তব্য কৰাৰ কথাই তেওঁলোকৰ সংবিধান প্ৰণেতাগৰাকীৰ প্ৰতি আস্থা নথকাৰ কথা প্ৰতিফলিত কৰে। শ্ৰীমোদীয়ে লগতে কয় যে বিৰোধী দলে এই ক্ষেত্ৰত ক্ষমা নোখোজে, কাৰণ তেওঁলোকে কেতিয়াও দলিত, মহাদলিত, অন্যান্য পিছপৰা শ্ৰেণীৰ প্রতি সন্মান প্ৰদৰ্শন নকৰে। শ্ৰীমোদীয়ে লগতে অভিযোগ কৰি কয় যে কংগ্ৰেছ আৰু আৰ জে ডিয়ে বহিৰাগত লোকক বিহাৰলৈ আমন্ত্ৰণ কৰি আনিছিল, কিন্তু নীতিশ কুমাৰৰ নেতৃত্বৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক চৰকাৰখনে বিহাৰৰ যুৱ প্ৰজন্মৰ সামৰ্থ্যক অধিক অগ্ৰাধিকাৰ দিছে। প্রধানমন্ত্ৰীগৰাকীয়ে বিহাৰৰ অৱনতিৰ বাবে পূৰ্বৰ চৰকাৰক সমালোচনা কৰি জনসাধাৰণক পুনৰ তেনে চৰকাৰক ক্ষমতাত অধিষ্ঠিত নকৰিবলৈ আহ্বান জনায়। শ্রীমোদীয়ে কয় যে যুৱ প্ৰজন্মৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণ এই ক্ষেত্ৰত সতৰ্ক হোৱা উচিত। ৰাজ্যখনৰ মঢ়োৱাৰ লক’মটিভ কাৰখানাত নিৰ্মাণ কৰা ৰে’লৰ ইঞ্জিন পশ্চিম আফ্ৰিকাৰ দেশ গিনিলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰি শ্ৰীমোদীয়ে এয়া বিহাৰৰ জনসাধাৰণৰ বাবে গৌৰৱৰ বিষয় বুলি অভিহিত কৰে। অলপতে সম্পন্ন কৰা বিদেশ ভ্ৰমণৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে উন্নত দেশসমূহে ভাৰতৰ দ্ৰুত বিকাশত আশ্চৰ্য প্ৰকাশ কৰিছে আৰু বিশ্বৰ তৃতীয় অৰ্থব্যৱস্থাৰ দেশত পৰিগণিত হোৱাৰ বাবে ভাৰতক শুভেচ্ছা জনাইছে। তেওঁ কয় যে বিগত ১১ বছৰত দেশত ২৫ কোটি জনসাধাৰণ দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে আৰু ইয়াৰে ৩ কোটি ৭৫ লাখ লোক বিহাৰৰ। শ্ৰীমোদীয়ে কয় যে আজি পতাকা জোকাৰি মুকলি কৰা পাটলীপুত্ৰ, গোৰখপুৰ বন্দে ভাৰত এক্সপ্রেছে উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল, কুশী নগৰ আৰু বিহাৰৰ মাজত পৰ্যটনৰ বিকাশ সাধন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।