ভাৰত, সংস্কাৰ এক্সপ্রেছেৰে অগ্ৰসৰ হোৱাৰ লগতে গোলকীয় আকৰ্ষণৰ কেন্দ্ৰৰূপে পৰিগণিত হোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা প্ৰৱন্ধত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে সম্প্রতি সমগ্ৰ বিশ্বই আশা আৰু বিশ্বাসেৰে ভাৰতৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰিছে। তেওঁ কয়, যে বিশ্বই পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ বলত ভাৰতে লাভ কৰা বিকাশৰ গতিৰ ভূয়সী প্ৰশংসা কৰিছে। দেশৰ জনগাঁথনি, যুৱ প্ৰজন্ম আৰু দেশবাসীৰ অদম্য মনোভাৱ এই সংস্কাৰ এক্সপ্ৰেছৰ মূল চালিকা শক্তি বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰীমোদীয়ে কয়, যে ২০২৫ বৰ্ষটো ভাৰতৰ বাবে সংস্কাৰৰ বৰ্ষৰূপে স্মৰণ কৰা হ’ব। চলিত বৰ্ষত বিভিন্ন খণ্ডত ঐতিহাসিক পৰিৱৰ্তন হৈছে আৰু ইয়াৰ ফলত দেশৰ বিকাশ ত্বৰান্বিত হৈছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰে প্ৰতিষ্ঠানসমূহৰ আধুনিকিকীকৰণৰ লগতে শাসন ব্যৱস্থা সৰল আৰু দীৰ্ঘকালীন সৰ্বাত্মক বিকাশৰ বাবে ভেঁটি শক্তিশালী কৰিছে। শ্রীমোদীয়ে কয়, যে শ্রম আইন আৰু বাণিজ্যিক চুক্তিৰ পৰা ৰচদ-পাতি, শক্তি আৰু বজাৰ সংস্কাৰলৈকে ভাৰতৰ বিকাশ যাত্রা বিশ্বাসযোগ্যতা, সুস্থিৰতা আৰু নিৰ্ভৰযোগ্যতাৰ ওপৰত গঢ়ি উঠিছে। এই পদক্ষেপসমূহে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টা সুদৃঢ় কৰিব বুলি প্রধানমন্ত্রীয়ে আস্থা প্রকাশ কৰে।
Site Admin | December 31, 2025 1:32 PM | emerging as centre of global attention | India boarded reform express in 2025 | PM Modi says
ভাৰত, সংস্কাৰ এক্সপ্রেছেৰে অগ্ৰসৰ হোৱাৰ লগতে গোলকীয় আকৰ্ষণৰ কেন্দ্ৰৰূপে পৰিগণিত হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী