ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পাকিস্তানৰ সৈতে শান্তিপূর্ণ সম্পর্ক গঢ়িবলৈ ভাৰতে কৰা প্ৰতিটো প্ৰচেষ্টাত শত্ৰুতা-বিশ্বাসঘাতকতাৰ সন্মুখীন হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে যে, পাকিস্তানৰ সৈতে শান্তিপূর্ণ সম্পর্ক গঢ়িবলৈ ভাৰতে কৰা প্ৰতিটো প্ৰচেষ্টাত শত্ৰুতা আৰু বিশ্বাসঘাতকতাৰ সন্মুখীন হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় প’ডকাষ্টাৰ আৰু কম্পিউটাৰ বিজ্ঞানী লেক্স ফ্রিডমেনৰ সৈতে হোৱা এটা মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দুয়োখন দেশে নতুন পথ বিচাৰি পোৱাৰ আশাতেই ২০১৪ চনত পাকিস্তানৰ সমকক্ষ নৱাজ শ্বৰীফক তেওঁৰ শপত গ্রহণ অনুষ্ঠানৰ বাবে বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছিল। সন্ত্রাসবাদক লালন-পালন কৰাত পাকিস্তানৰ দীৰ্ঘদিনীয়া ভূমিকাক কটাক্ষ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সন্ত্ৰাসবাদৰ শিপা ক’ত সেই বিষয়ে বিশ্বৰ আৰু সন্দেহ নাই। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জোৰ দি কয় যে ভাৰত নিৰপেক্ষ নহয় বৰঞ্চ শান্তিৰ প্ৰতি দৃঢ় প্রতিজ্ঞাবদ্ধ। প্রধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে যেতিয়াই শান্তিৰ কথা কয় তেতিয়াই সমগ্ৰ বিশ্বই শুনি থাকে কাৰণ ভাৰত হৈছে গৌতম বুদ্ধ আৰু মহাত্মা গান্ধীৰ দেশ। লেক্স ফ্রিডমেনৰ সৈতে হোৱা প’ডকাষ্টত নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতীয়সকলে সমন্বয়ক সমৰ্থন কৰে আৰু শান্তিৰ পক্ষত থিয় দিয়ে। ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন ৰাষ্ট্ৰ আলোচনাৰ মেজলৈ আহিলেহে সংঘাতৰ সমাধান ওলাব। তেওঁ লগতে কয় যে বৰ্তমানৰ পৰিস্থিতিয়ে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত অৰ্থপূৰ্ণ আলোচনাৰ সুযোগ প্ৰদান কৰিছে। ভাৰত-চীনৰ সম্পৰ্ক সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দুয়োখন দেশৰে প্ৰাচীন সংস্কৃতি আৰু সভ্যতা আছে আৰু দেশ দুখনৰ সম্পৰ্ক নতুন নহয়। তেওঁ কয় যে কোনোবা নহয় কোনোবা প্ৰকাৰে ভাৰত আৰু চীনে মিলি বিশ্বৰ মংগলৰ ক্ষেত্ৰত অৰিহণা যোগাই আহিছে। তেওঁ লগতে কয় যে পূৰ্বৰ শতিকাবোৰত ভাৰত আৰু চীনৰ মাজত সংঘাতৰ ইতিহাস নাই। ভৱিষ্যতেও ভাৰত আৰু চীনৰ মাজত সুদৃঢ় সম্পর্ক অব্যাহত থাকিব লাগে বুলি তেঁও মতামত আগবঢ়ায়। প্রধানমন্ত্রী মোদীয়ে উল্লেখ কৰে যে চুবুৰীয়া দেশসমূহৰ মাজত মতানৈক্য থাকে যদিও সেয়া যাতে বিবাদলৈ পর্যবসিত নহয় তাৰ ওপৰত গুৰুত্ব দিয়া উচিত।