ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২০১৪ চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু ২০১৯ চনত সেই আশাসমূহ আস্থাত পৰিণত হৈছেঃ মোদী

♦ প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোডীয়ে কৈছে যে ২০১৪ চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু ২০১৯ চনত সেই আশাসমূহ আস্থাত পৰিণত হৈছে। তেওঁ কয় যে আশাৰ পৰা আৰম্ভ হৈ ই আস্থাৰ পৰ্যায় অতিক্ৰমী নিশ্চয়তাত পৰিণত হৈছে। এটা নিউজ চেনেলত দিয়া সাক্ষাৎকাৰত শ্ৰীমোডীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে কঠোৰ পৰিশ্ৰম, প্ৰদৰ্শন, স্থায়ীত্ব আৰু স্পষ্টতাৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে।

কংগ্ৰেছক সমালোচনা কৰি শ্ৰীমোডীয়ে বিজেপিয়ে সংবিধানৰ সলনি কৰিব বুলি দলটোৱে ভুৱা দাবী প্ৰচাৰ কৰাৰ অভিযোগ তোলে। তেওঁ কয় যে জনসাধাৰণে কংগ্ৰেছৰ ইতিহাস চালি-জাৰি চালে তেওঁলোকে যে সংবিধানৰ পৱিত্ৰতাক বিশ্বাস নকৰে সেয়া সহজেই অনুমান কৰিব পাৰিব। কংগ্ৰেছৰ ইস্তাহাৰত মুছলিম লীগৰ আদৰ্শৰাজিৰ প্ৰতিফলন ঘটা আৰু গোপন বিষয়বস্তু স্পষ্ট হৈ পৰা বুলি শ্ৰীমোডীয়ে অভিযোগ তোলে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।