প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জোহানেছবাৰ্গত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য আজি তিনিদিনীয়া ভ্রমণসূচীৰে দক্ষিণ আফ্ৰিকাত উপস্থিত হৈছেগৈ। শ্রীমোদীয়ে শীর্ষ সন্মিলনৰ আটাইকেইটা সত্ৰতে অংশগ্রহণ কৰিব আৰু গোলকীয় দক্ষিণ, বহনক্ষম উন্নয়ন, জলবায়ু শীর্ষক কার্যসূচী, গোলকীয় প্ৰশাসনত সংস্কাৰ আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বক্তব্য আগবঢ়াব। শ্রীমোদীয়ে এই শীর্ষ সন্মিলনত ভাগ লোৱাৰ আপাহতে ভাৰত, ব্রাজিল, দক্ষিণ আফ্ৰিকাৰ নেতৃত্বৰ্গৰ বৈঠকত ভাগ ল’ব আৰু কেইবাগৰাকীও বিশ্বনেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। এই বছৰৰ এই শীৰ্ষ সন্মিলনৰ মূল বিষয়বস্তু হৈছে– সংহতি, সমতা আৰু বহনক্ষমতা। জোহান্সবার্গ অভিমুখে ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই শীর্ষ সন্মিলনে গুৰুত্বপূৰ্ণ গোলকীয় বিষয়সমূহ আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। এই সন্মিলনত তেওঁ বসুধৈব কুটুম্বকম আৰু এখন পৃথিৱী, এটা পৰিয়াল, এটা ভৱিষ্যতৰ ৰাষ্ট্ৰ দৰ্শনৰ সৈতে সামঞ্জস্য থকা বিষয়ত আলোকপাত কৰিব বুলি উল্লেখ কৰে। আফ্ৰিকাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা জি-২০ সন্মিলন বিশেষভাৱে গুৰুত্বপূৰ্ণ হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে দক্ষিণ আফ্ৰিকাৰ প্ৰবাসী ভাৰতীয়সকলৰ সৈতে মত-বিনিময়ৰ বাবেও আগ্রহ প্রকাশ কৰে।
Site Admin | November 21, 2025 9:27 PM | PM Modi Johannesburg for three-day G20 Leaders’ Summit
জোহানেছবাৰ্গত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য দক্ষিণ আফ্ৰিকাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী