নতুন দিল্লীত নীটি আয়োগৰ বিশিষ্ট অর্থনীতিবিদ আৰু বিশেষজ্ঞসকলৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত নীটি আয়োগৰ বিশিষ্ট অর্থনীতিবিদ আৰু বিশেষজ্ঞসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকৰ বিষয়বস্তু আছিল- আত্মনিৰ্ভৰতা গাঁথনিগত পৰিৱৰ্তনঃ বিকশিত ভাৰতৰ ৰূপৰেখা। কাৰ্যসূচীত ভাষণ দি প্রধানমন্ত্রী শ্রীমোদীয়ে ২০৪৭ চনৰ দিশে ভাৰতৰ যাত্ৰাৰ মূল স্তম্ভসমূহৰ বিষয়ে আলোকপাত কৰে। বিকশিত ভাৰতক ৰাষ্ট্ৰীয় আকাংক্ষা হিচাপে উল্লেখ কৰি শ্রীমোদীয়ে কয়, যে ২০৪৭ চনলৈ বিকশিত ভাৰতৰ লক্ষ্য চৰকাৰৰ নীতিসমূহত প্ৰতিফলিত হৈছে। এই বৈঠকৰ সময়ত প্রধানমন্ত্ৰীয়ে কয়, যে ভাৰতৰ নীতি নির্ধাৰণ আৰু বাজেট প্ৰক্ৰিয়া ২০৪৭ চনৰ লক্ষ্যৰ ভিত্তিত হোৱা উচিত। বৈঠকত ঘৰুৱা সঞ্জয়, শক্তিশালী বুনিয়াদী বিকাশ আৰু অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে সংস্কাৰমূলক পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণ, নীটি আয়োগৰ উপাধ্যক্ষ সুমন বেৰীৰ লগতে শংকৰ আচাৰ্য, অশোক ভট্টাচাৰ্য, এন আৰ ভানুমূৰ্তি, অমিতা বাট্টা আৰু জন্মেজয়া সিনহাকে ধৰি বিশিষ্ট অর্থনীতিবিদ আৰু বিশেষজ্ঞসকল উপস্থিত থাকে।