ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশত ৩৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে স্বদেশী প্রযুক্তিৰে নিৰ্মিত ৯৭,৫০০টা ফ’ৰ জি মোবাইল টাৱাৰ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভার্চুৱেল ব্যৱস্থাৰে সমগ্ৰ দেশতে ৩৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে স্বদেশী প্রযুক্তিৰে নিৰ্মিত ৯৭ হাজাৰ ৫০০টা ফ’ৰ জি মোবাইল টাৱাৰ উদ্বোধন কৰে। এই উপলক্ষে আজি গুৱাহাটীত আয়োজিত কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত ভার্চুৱেলী অংশগ্ৰহণ কৰে। স্বদেশী ফ’ৰ জি নেটৱৰ্কৰ উদ্বোধনী কাৰ্যসূচীৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়া আৰু টাটা ছন্‌ছৰ অধ্যক্ষ এম চন্দ্ৰশেখৰণৰ সৈতে মুখ্যমন্ত্ৰীয়ে অসমৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। স্বদেশী ফ’ৰ-জি আৰু ফাইভ-জি নেটৱৰ্কৰ সহায়ত দেশখনে শীঘ্ৰেই বিশ্বৰ ৫খন দেশৰ ভিতৰত স্থান লাভ কৰিব বুলিও শ্রী মোদীয়ে আশা প্রকাশ কৰে। বি এছ এন এলে আমাৰ দেশৰ বাবে সম্পূৰ্ণৰূপে স্বকীয় ফ’ৰ জি নেটৱৰ্ক গঢ়ি তোলাটোক গৌৰৱৰ বিষয় বুলি মত প্ৰকাশ কৰি তেওঁ কয়, যে ভাৰতবৰ্ষই দূৰ সংযোগ প্ৰযুক্তিৰ দিশৰ পৰা বিশ্বৰ অন্যতম কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰিব। কঠোৰ পৰিশ্ৰম আৰু সামৰ্থৰ জৰিয়তে বি এছ এন এলে ইতিহাত এটা নতুন অধ্যায়ৰ সূচনা কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। শ্ৰী মোদীয়ে দূৰ সংযোগ প্ৰযুক্তিৰ ক্ষেত্ৰত অচিৰেই গোলকীয় হাব হিচাপে ভাৰত পৰিগণিত হ’ব বুলি মত প্ৰকাশ কৰে। তেওঁ কয়, যে সমগ্ৰ দেশৰ ৩০ হাজাৰখন গাঁৱত অচিৰেই দ্রুত বেগী ইণ্টাৰনেট সংযোগ দিয়া হ’ব, যাতে গাঁওসমূহত ডিজিটেল সেৱা প্ৰদান কৰিব পৰা যায়৷