জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ বিধানসভা নিৰ্বাচনত জয়লাভ বিকাশৰ ৰাজনীতিৰ বাবে এক জনাদেশ বুলি উল্লেখ কৰিছে। তেওঁ কয়, যে এই নির্বাচনে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক অস্বীকাৰ কৰিছে। নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি সন্ধিয়া দলৰ কৰ্মকৰ্তাসকলক উদ্দেশ্যি দিয়া ভাষণত শ্রী মোদীয়ে কয়, যে এয়া হৈছে, আৰ জে ডিৰ জংগলৰাজৰ সন্মুখীন হোৱা বিহাৰৰ মহিলাসকলৰ জয়। তেওঁ ইয়াক গণতন্ত্ৰৰ জয় বুলি উল্লেখ কৰে যিয়ে দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ ওপৰত আস্থা বৃদ্ধি কৰে। শ্ৰী মোদীয়ে কয়, যে পূর্বে বিহাৰত খুব কমেই পুনৰ ভোটদান নোহোৱাকৈ নিৰ্বাচন হৈছিল। কিন্তু এইবাৰ শান্তিপূর্ণভাৱে নির্বাচন সম্পন্ন হয় বুলি তেওঁ উল্লেখ কৰে৷ ভোটদাতাসকলে ভোটাৰ তালিকাৰ স্বচ্ছতাৰ বাবে পূৰ্ণ সমৰ্থন আগবঢ়াইছে বুলি উল্লেখ কৰি শ্রী মোদীয় কয়, যে এতিয়া সকলো দলৰে কৰ্তব্য হৈছে, ভোটাৰ তালিকাৰ সংশোধনৰ বাবে তেওঁলোকৰ কৰ্মকৰ্তাসকলক সক্ৰিয় কৰি তোলা। তেওঁ কয়, যে ৰাষ্ট্ৰই বৰ্তমান সামাজিক ন্যায়ৰ বাবে ভোটদান কৰিছে, য’ত প্ৰতিটো পৰিয়ালে সুযোগ, সন্মান আৰু সমতা লাভ কৰিছে। তেওঁ লগতে কয়, যে এন ডি এৰ বিজয়ত মহিলা আৰু যুৱ চামকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ অৱদান আছে। এই জয়ে কেৰালা, তামিলনাড়ু, পড়ুচেৰী, অসম আৰু পশ্চিমবংগৰ বিজেপি কর্মকর্তাসকলক উৎসাহিত কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, হিন্দুস্তান আৱাম মৰ্চাৰ সভাপতি জিতন ৰাম মাঝী, ৰাষ্ট্ৰীয় সমতা পাৰ্টীৰ মুৰববী উপেন্দ্ৰ কুছৱাহা আৰু লোক জনশক্তি পাৰ্টীৰ মুৰববী ছিৰাগ পাছোৱানৰ নেতৃত্বৰ শলাগ লয়। বিজেপিৰ সভাপতি তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই কয়, যে বিহাৰৰ জনসাধাৰণে জংগলৰাজৰ বিপৰীতে উন্নয়নক বাচনি কৰিছে ৷ এই শক্তিশালী জনাদেশে প্ৰৱল ঢৌৰ দৰে সকলো সন্দেহ উটুৱাই লৈ গৈছে বুলি তেওঁ উল্লেখ কৰে । শ্রী নাড্ডাই লগতে কয়, যে এই জনাদেশ হৈছে বিহাৰৰ সু-শাসনৰ বাবে অনুমোদন যিয়ে ৰাজ্যখনক প্ৰগতি আৰু বিকাশৰ পথলৈ লৈ গৈছে।
Site Admin | November 15, 2025 12:15 PM | PM Modi hails victory as triumph of good governance & development
বিহাৰ বিধানসভা নিৰ্বাচনত জয়লাভ বিকাশৰ ৰাজনীতিৰ বাবে এক জনাদেশঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী