October 30, 2025 9:23 PM | PM Modi Gujarat

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাটত এক ভাৰত শ্রেষ্ঠ ভাৰতৰ প্ৰতীকস্বৰূপে একতাৰ কুচকাৱাজ মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটৰ কেৱড়িয়াত এক ভাৰত শ্রেষ্ঠ ভাৰতৰ প্ৰতীক স্বৰূপে একতাৰ কুচকাৱাজ মুকলি কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে। বিহাৰৰ ৰাজধানী পাটনাত আজি এখন সংবাদ মেলত শ্ৰী শ্বাহে কয়, যে প্ৰতিবছৰে ৩১ অক্টোবৰত একতা নগৰত এই কুচকাৱাজৰ আয়োজন কৰি অহা হৈছে। শ্ৰী শ্বাহে কয়, যে কাইলৈ চৰ্দাৰ বল্লভভাই পেটেলৰ ডেৰশ বছৰীয়া জন্ম বার্ষিকী উদযাপন কৰাৰ পৰিপ্ৰেক্ষিতত এই কুচকাৱাজ অনন্য ৰূপে পৰিগণিত হৈছে। নতুন দিল্লীত প্ৰতিবছৰে আয়োজন কৰা গণৰাজ্য দিৱসৰ কুচকাৱাজৰ দৰে একতাৰ কুচকাৱাজৰো আয়োজন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে কেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহ, ৰাজ্যিক আৰক্ষী বাহিনীসমূহৰ লগতে দেশৰ বিভিন্ন অংশৰ শিল্পীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আৰক্ষী বাহিনীসমূহৰ অদম্য সাহস আৰু বলিদানৰ বাবে এই কুচকাৱাজ তেওঁলোকৰ নামত উৎসৰ্গিত কৰা হৈছে বুলি শ্ৰী শ্বাহে মন্তব্য কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে এইবেলি দেশৰ প্ৰতিখন ৰাজ্য, জিলা, বিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ব্যাপক পৰিসৰত একতাৰ দৌৰৰ আয়োজন কৰা হ’ব। তেওঁ লগতে বীৰচা মুণ্ডাৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি পহিলা নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ একতা নগৰত ভাৰতপৰ্বৰ আয়োজন কৰা হ’ব বুলি ঘোষণা কৰে। তেওঁ কয়, যে ভাৰতপৰ্বৰ অন্তিম দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হ’ব। সেই দিনটোত জনজাতীয় সংস্কৃতি, নৃগোষ্ঠীয় বস্ত্ৰ সম্ভাৰ আৰু সংগীতৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।