দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত নিযুক্তিমেলাত ৫১ হাজাৰৰো অধিক প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

যুৱ প্ৰজন্মৰ সৱলীকৰণৰ জৰিয়তে সামাজিক উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ চৰকাৰৰ আকাংক্ষা অনুসৰি কালি দেশৰ বিভিন্ন প্ৰান্তত ষোড়শ নিযুক্তি মেলাৰ আয়োজন কৰা হয়। এই মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নিযুক্তি লাভ কৰা ৫১ হাজাৰৰো অধিক প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ কৰে। নৱনিযুক্তসকলক ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অভিনন্দন জনাই শ্ৰী মোদীয়ে কয়, যে চৰকাৰৰ নিযুক্তি মেলা উদ্যমৰ জৰিয়তে লাখ লাখ যুৱক-যুৱতীয়ে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ অধীনত স্থায়ী চাকৰি লাভ কৰিবলৈ সমর্থ হৈছে। তেওঁ কয়, যে যুৱক-যুৱতীসকলে ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ লৈছে আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাত অনুঘটক হিচাপে কাম কৰিছে। আমাৰ সংবাদদাতাই জনাইছে যে, কেন্দ্ৰীয় চৰকাৰে নিযুক্তি মেলা উদ্যমৰ বাবে এক লাখ কোটি টকা আবণ্টন দিছে আৰু এই উদ্যমৰ জৰিয়তে কর্মসংস্থাপনৰ প্ৰায় চাৰে তিনি কোটি সুযোগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।