প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আয়োজিত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসা বিষয়ক দ্বিতীয় গোলকীয় শীৰ্ষ সন্মিলনৰ সামৰণী অনুষ্ঠানত ভাষণ দিব। অনুষ্ঠানত প্রধানমন্ত্ৰীয়ে আয়ুষ ক্ষেত্ৰৰ বাবে প্ৰধান ডিজিটেল পোৰ্টেল, মাই আয়ুষ সংহত সেৱা পোৰ্টেলসহ কেইবাটাও গুৰুত্বপূৰ্ণ উদ্যম মুকলি কৰিব। তেওঁ লগতে আয়ুষ চিহ্ন উন্মোচন কৰিব। ইয়াৰ জৰিয়তে আয়ুষ সামগ্ৰী আৰু গুণগত সেৱাৰ গোলকীয় মান হিচাপে এই চিহ্নৰ পৰিকল্পনা কৰা হৈছে। অনুষ্ঠানত শ্ৰীমোদীয়ে যোগ প্রশিক্ষণ সন্দৰ্ভত বিশ্বস্বাস্থ্য সংস্থাৰ প্ৰতিবেদন আৰু আয়ুষ মন্ত্ৰালয়ৰ ১১ বছৰীয়া পৰিৱৰ্তন যাত্ৰা সম্পৰ্কীয় এখন গ্রন্থও উন্মোচন কৰিব। তেওঁ লগতে অশ্বগন্ধা স্মাৰক ডাক টিকট মুকলি কৰিব। অনুষ্ঠানত ২০২১ৰ পৰা ২০২৫ চনৰ সময়ছোৱাত যোগৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য বৰঙণিৰ বাবে প্রধানমন্ত্ৰীৰ পুৰস্কাৰ লাভ কৰা সকলক সম্বৰ্ধনা জনোৱা হ’ব। প্রধানমন্ত্রীয়ে লগতে পৰম্পৰাগত চিকিৎসা অন্বেষণ স্থলো পৰিদৰ্শন কৰিব।
Site Admin | December 19, 2025 12:30 PM | PM Modi closing ceremony of Second WHO Global Summit on Traditional Medicine
নতুন দিল্লীত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসাবিষয়ক দ্বিতীয় গোলকীয় শীৰ্ষ সন্মিলনৰ সামৰণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ