ডাউনলোড
মোবাইল এপ

android apple
signal

August 30, 2025 11:06 PM | pm modi china japan

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া জাপান ভ্রমণ সামৰি চীনত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া জাপান ভ্রমণ সামৰি চীনত উপস্থিত হৈছে। দেশখনৰ তিয়েনজিনত কাইলৈ অনুষ্ঠিত হ’বলগীয়া দুদিনীয়া চাংহাই সহযোগিতা সংস্থাৰ ২৫ সংখ্যক শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব নেতাসকলৰ সৈতে অংশগ্রহণ কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্ব নেতাসকলৰ সৈতে আঞ্চলিক সুৰক্ষা, যোগাযোগ, বহনক্ষম বিকাশ আৰু গোলকীয় সহযোগিতা সন্দৰ্ভত আলোচনাত মিলিত হ’ব। এই সন্মিলনত বিগত ২৫ বছৰত সংস্থাৰ সাফল্যৰ পৰ্যালোচনা কৰা হ’ব আৰু এটা দহ বছৰীয়া উন্নয়ন আঁচনি প্ৰস্তুত কৰা হ’ব। চীনে পঞ্চমবাৰৰ বাবে এই সন্মিলনৰ আয়োজন কৰিছে। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে এই সন্মিলনত অধ্যক্ষতা কৰিব। ২০ গৰাকীৰো অধিক ৰাষ্ট্ৰপ্ৰধান আৰু দহ গৰাকীৰো অধিক আন্তর্জাতিক সংস্থাৰ নেতাই এই সন্মিলনত অংশগ্ৰহণ কৰাৰ আশা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনো সন্মিলনত উপস্থিত থাকিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইশ্বিবাক শিলৰ বাতি ছেটৰ লগতে জাপানী লোকে খাদ্য গ্ৰহণ কৰা ৰূপৰে নিৰ্মিত যুৰীয়া শলা আৰু তেওঁৰ পত্নীক পচমীনা শ্বল উপহাৰ হিচাপে প্ৰদান কৰে। খাদ্য গ্ৰহণ কৰা ৰূপেৰে নিৰ্মিত যুৰীয়া শলাৰ লগতে এই শিলৰ বাতি ছেটে ভাৰতৰ শিল্পকলা আৰু জাপানৰ পৰম্পৰা প্ৰদৰ্শন কৰিছে। মিহি উলেৰে প্ৰস্তুত কৰা পচমীনা শ্বল পাতল, কোমল আৰু গৰম হোৱাৰ বাবে বিশ্বজুৰি ইয়াৰ মূল্য অতুলনীয়।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া জাপান ভ্ৰমণৰ প্ৰথম দিনা পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ পাছত আজি টকিঅ’ত ১৬ খন প্ৰদেশৰ গৱর্নৰৰ সৈতে বৈঠকত মিলিত হয় । বৈঠকৰ অন্তত প্রধানমন্ত্ৰী মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইশ্বিবাই শ্বিংকান শ্বেন বুলেট ৰে’লগাড়ীৰে নিয়াগী প্ৰদেশৰ ছেণ্ডাইট উপস্থিত হয় আৰু অৰ্ধ পৰিবাহী উৎপাদনৰ কামত ব্যৱহৃত আহিলাপাতিৰ অগ্ৰণী নির্মাতা টকিঅ’ ইলেকট্রন কাৰখানা পৰিদৰ্শন কৰে ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।