সংসদৰ বৰ্ষাকালীন অধিৱেশন ফলপ্রসূ হোৱাৰ লগতে ইয়াৰ আলোচনাসমূহে দেশৰ গণতন্ত্ৰ শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্ৰকাশ কৰে। কালি আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে সংবাদ মাধ্যমৰ আগত প্রধানমন্ত্রী শ্রীমোদীয়ে কয়, যে সংসদৰ এই অধিৱেশন আমাৰ সামূহিক প্রাপ্তি উদযাপনৰ গৌৰৱময় মুহূৰ্তত অনুষ্ঠিত হৈছে। অধিৱেশনৰ কাৰ্যসূচীসমূহ সূচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে সকলো দলৰ সাংসদসকলৰ সহযোগিতা কামনা কৰে। প্রধানমন্ত্রী শ্রীমোদীয়ে কয় যে ভাৰতৰ সেনা বাহিনীৰ শক্তি সন্দৰ্ভত সমগ্ৰ বিশ্ব অৱগত হৈছে। তেওঁ কয়, যে অপাৰেচন সিন্দূৰৰ সময়ত সন্ত্ৰাসবাদৰ মূল পৰিকল্পনাকাৰী আৰু সন্ত্ৰাসবাদীক আশ্রয় দিয়া গুপ্তস্থানসমূহ ধবংস কৰাৰ ক্ষেত্ৰত ভাৰতীয় সেনাই এশ শতাংশ সফলতা লাভ কৰিছে। প্রধানমন্ত্রীয়ে কয়, যে দলীয় সীমাবদ্ধতাকো নেওচি ৰাষ্ট্ৰৰ স্বাৰ্থত প্ৰায় সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে বিশ্বৰ কেইবাখনো দেশ ভ্ৰমণ কৰি সন্ত্ৰাসবাদক উদগণি দিয়া পাকিস্তানৰ ভূমিকা সন্দৰ্ভত আন্তৰাষ্ট্ৰীয় মঞ্চত সফলভাৱে উপস্থাপন কৰিবলৈ সমৰ্থ হৈছে।
সংসদৰ বৰ্ষাকালীন অধিৱেশন ফলপ্রসূ হোৱাৰ লগতে আলোচনাসমূহে দেশৰ গণতন্ত্ৰ শক্তিশালী কৰিবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী