প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন দিল্লীৰ বাসগৃহত ৰাষ্ট্ৰীয় যক্ষ্মা নির্মূলকৰণ আঁচনি সন্দৰ্ভত উচ্চ পর্যায়ৰ পৰ্যালোচনা বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তেওঁৰ নতুন দিল্লীৰ বাসগৃহত ৰাষ্ট্ৰীয় যক্ষ্মা নির্মূলকৰণ আঁচনি সন্দৰ্ভত এখন উচ্চ পর্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। প্ৰধানমন্ত্রীয়ে বিগত বৰ্ষত যক্ষ্মা ৰোগীৰ চিকিৎসা আৰু এই ৰোগ সোনকালে ধৰা পেলোৱাৰ ক্ষেত্ৰত লাভ কৰা উল্লেখনীয় অগ্ৰগতিৰ প্ৰশংসা কৰে। তেওঁ যক্ষ্মা মুক্ত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰি ৰাষ্ট্ৰজুৰি এইক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহ ব্যাপকৰূপত ৰূপায়ণ কৰাৰ বাবে আহ্বান জনায়। শ্রী মোদীয়ে শেহতীয়াকৈ সমাপ্ত হোৱা ১০০ দিনীয়া যক্ষ্মা মুক্ত ভাৰত অভিযানৰ কথা উল্লেখ কৰি কয়, যে এই অভিযানত ১২ কোটি ৯৭ লাখ লোকৰ যক্ষ্মাৰ পৰীক্ষা কৰা হয় আৰু ইয়াৰে ৭ লাখ ১৯ হাজাৰ যক্ষ্মা ৰোগত আক্ৰান্ত লোক চিনাক্ত কৰা হয়। এই অভিযানত এক লাখৰো অধিক নতুন নিক্ষয় মিত্রই যোগদান কৰাৰ কথা শ্ৰী মোদীয়ে প্ৰকাশ কৰে। বৈঠকত প্রধানমন্ত্ৰীয়ে নগৰ আৰু গ্ৰামাঞ্চলত বিভিন্ন কামত নিয়োজিত যক্ষ্মা ৰোগী চিনাক্ত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কয়, যে ইয়াৰ ফলত বিশেষকৈ নির্মাণকার্য, খনি, বস্ত্রশিল্পকে ধৰি এনেধৰণৰ ক্ষেত্ৰসমূহত কাম কৰা শ্ৰমিকসকলৰ ৰোগ চিনাক্ত কৰি সোনকালে ইয়াৰ চিকিৎসা কৰিব পৰা যাব। শ্ৰী মোদীয়ে যক্ষ্মা নিৰ্মূলৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে জন ভাগিদাৰীৰ জৰিয়তে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ যক্ষ্মা নির্মূলৰ ২০২৪ বৰ্ষৰ তথ্যৰ কথা উল্লেখ কৰি কয়, যে ২০১৫ৰ পৰা ২০২৩ চনলৈ যক্ষ্মা ৰোগীৰ হাৰ ১৮ শতাংশ হ্ৰাস হৈছে। আনহাতে এই ৰোগত মৃত্যুৰ হাৰ ২১ শতাংশলৈ হ্ৰাস পোৱাৰ লগতে ৮৫ শতাংশ ৰোগীক চিকিৎসা ব্যৱস্থাত সামৰি লোৱা হৈছে বুলি তথ্যত প্ৰকাশ পাইছে। কালিৰ বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা, প্রধানমন্ত্ৰীৰ মুখ্য সচিব ড০ পি কে মিশ্র আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।