ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সিন্দূৰ অভিযান সফলতাৰে সম্পন্ন কৰাৰ বাবে সশস্ত্র বাহিনীসমূহক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সিন্দূৰ অভিযান সফলতাৰে সম্পন্ন কৰাৰ বাবে সশস্ত্র বাহিনীসমূহক ভূয়সী প্ৰশংসা কৰিছে। তেওঁ আজি নতুন দিল্লীত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধকল্পে চলোৱা এই অভিযানৰ বিষয়ে মন্ত্রীসভাক অৱগত কৰে। বৈঠকত তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসকলৰো শলাগ লয়। ইপিনে, চৰকাৰে অপাৰেচন সিন্দূৰ অভিযান সন্দৰ্ভত কাইলৈ দিনৰ ১১ বজাত এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে ভিন ভিন ৰাজনৈতিক দলৰ নেতাসকলক এই অভিযানৰ বিষয়ে অৱগত কৰিব।