প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাৰ্তালাপ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে পশ্চিম এছিয়াৰ বৰ্ধিত উত্তেজনাময় পৰিস্থিতিৰ সন্দৰ্ভত কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে মতবিনিময় কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী মোদীয়ে কয়, যে নেতান্যাহুৰ সৈতে এই আলাপত তেওঁ বর্ধিত পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে এই খণ্ডত শান্তি আৰু স্থিৰতা ঘূৰাই অনাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰেও ইজৰাইলৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী জিডেয়ন ছাৰেৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে এই সন্দৰ্ভত ইৰানৰ বিদেশ মন্ত্ৰী ছৈয়দ আববাছ আৰাঘছিৰ সৈতেও কথা পাতে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।