ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰত মণ্ডপমত আই এ টি এ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত প্রধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় বায়ু পৰিবহণ সংঘ, আই এ টি এ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অংশগ্ৰহণ কৰাৰ কথা আছে। প্রধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত সভাত ভাষণো দিব। এই সভা কালি আৰম্ভ হৈছিল আৰু কাইলৈ ইয়াৰ সামৰণি পৰিব। বিশ্ব বিমান পৰিবহণ সন্মিলনত বিমান উদ্যোগসমূহে সন্মুখীন হোৱা মূল বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব, য’ত বিমান উদ্যোগৰ অৰ্থনীতি, বিমান সংযোগ, শক্তি, সুৰক্ষা, বহনক্ষম বিমান ইন্ধন উৎপাদন আৰু উদ্ভাৱন আদিকে ধৰি বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এটা বিবৃতিযোগে জনাইছে যে এই অনুষ্ঠানৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলে বিমান পৰিবহণৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ পৰিৱৰ্তন আৰু দেশৰ আৰ্থসামাজিক উন্নয়নত ভাৰতৰ অৱদানৰ সাক্ষী হ’ব পাৰিব। উল্লেখযোগ্য যে ৪২ বছৰৰ পূৰ্বে ১৯৮৩ চনত আই এ টি এ-ৰ অন্তিমখন বার্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈছিল।