নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত অনুষ্ঠিত জাহান-ই-খুছৰৌ চুফী সংগীত মহোৎসৱত প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত অনুষ্ঠিত জাহান-ই-খুছৰৌ চুফী সংগীত মহোৎসৱত অংশগ্ৰহণ কৰি চুফী পৰম্পৰাই ভাৰতত এক সুকীয়া পৰিচয়ৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে যিকোনো দেশৰ সংস্কৃতি আৰু সভ্যতা গীত-নৃত্যৰ জৰিয়তেহে সমৃদ্ধ হয়। তেওঁ জাহান-ই-খুছৰাউৰ শলাগ লৈ কয় যে এনেধৰণৰ অনুষ্ঠান দেশৰ সংস্কৃতি আৰু শিল্পৰ বাবে গুৰুত্বপূৰ্ণ আৰু এই অনুষ্ঠানে মানুহৰ হৃদয়ত স্থান লাভ কৰিছে৷ একেটা অনুষ্ঠানতে প্রধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰে। এইবাৰ চুফী সংগীত মহোৎসৱে ২৫ বছৰ সম্পূৰ্ণ কৰিছে। উল্লেখযোগ্য যে ২০০১ চনত প্ৰখ্যাত চলচ্চিত্র নির্মাতা মুজাফ্ফাৰ আলীয়ে আৰম্ভ কৰা এই মহোৎসৱৰ জৰিয়তে চুফী সংস্কৃতি আৰু সংগীতক চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।