ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 4, 2025 12:07 PM | PM Modi

printer

গুজৰাটত দেশৰ প্ৰথমটো সেউজ হাইড্ৰজেন প্রকল্প কাৰ্যকৰী

গুজৰাটৰ কাণ্ডলা বন্দৰত থলুৱাভাৱে নিৰ্মিত দেশৰ প্ৰথমটো সেউজ হাইড্ৰজেন প্রকল্প কাৰ্যকৰী হোৱাৰ লগে লগে বহনক্ষমতাৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ সূচনা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ব্যৱস্থাৰ প্ৰশংসা কৰিছে। দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ অধীনত নিৰ্মাণ কৰা এই প্ৰকল্পই শূন্য কাৰ্বন নিগমনৰ লক্ষ্য প্রাপ্তিৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে শূন্য কার্বন নির্গমনৰ ক্ষেত্ৰত দেশৰ দৃষ্টিভংগীক শক্তিশালী কৰাত এয়া সঁচাকৈয়ে প্রশংসনীয় প্রচেষ্টা। উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদীয়ে যোৱা মে’ত ভূজ ভ্ৰমণৰ সময়ত ১০ মেগাৱাট সেউজ হাইড্ৰজেন প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ মাত্ৰ ৪ মাহৰ পাছতেই এই প্ৰকল্পটো কাৰ্যকৰী হৈ উঠে। ইয়াৰ লগে লগে কাণ্ডলা দেশৰ প্ৰথমটো থলুৱা সেউজ হাইড্রজেন প্ৰকল্প থকা বন্দৰ হিচাপে পৰিগণিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি এই প্ৰকল্পটো উদ্বোধন কৰে। ভাৰতে ২০৭০ চনৰ ভিতৰত শূন্য কার্বন নির্গমন প্রাপ্তিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু এই অভিলাষী লক্ষ্য প্রাপ্তিৰ বাবে পুনৰ নৱীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰজেন আৰু বহনক্ষম ঔদ্যোগীক ব্যৱস্থাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।