প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰ প্ৰদেশৰ বাৰাণসী ভ্ৰমণৰ সময়ত, প্রধানমন্ত্রী কিষাণ আঁচনিৰ কুৰি সংখ্যক কিস্তি হিচাপে ৯ কোটি ৭০ লাখৰো অধিক খেতিয়কলৈ চাৰে ২০ হাজাৰ কোটি টকা মোকলাই দিব। এই ভ্রমণ কালত শ্রীমোদীয়ে প্ৰায় ২,২০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। উদ্বোধন কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত বাৰাণসী- ভদোহী পথৰ সম্প্ৰসাৰণ আৰু মোহন চৰায়-অদলপুৰা পথত যান-জঁট হ্ৰাস কৰাৰ বাবে নিৰ্মাণ কৰা চিতৌনি-শূল টংকেশ্বৰ পথ আৰু ৰে’ল অভাৰব্ৰীজ আছে।
ভ্ৰমণ কালত পর্যটন খণ্ডৰ প্ৰসাৰৰ বাবে শ্রীমোদীয়ে নদীৰ পাৰৰ ৮টা ঘাটৰ পুনৰ বিকাশ, কালিকা ধামৰ উন্নয়নমূলক কাম-কাজ আৰু দূৰ্গা কুণ্ডৰ পুনৰুদ্ধাৰ আৰু পানী পৰিষ্কাৰ প্ৰকল্প উদ্বোধন কৰিব। তেওঁলোকে কদমেশ্বৰ, মহাদেৱ মন্দিৰ, সাৰনাথ, ৰামনগৰ অঞ্চলত নগৰ সুবিধা কেন্দ্ৰৰ মেৰামতিৰ কাম, লমহীত মুন্সি প্রেম চন্দৰ পৈত্রিক বাসগৃহৰ পুনৰ বিকাশ আৰু ইয়াৰ সংগ্ৰহালয় হিচাপে উন্নীতকৰণৰ কামত আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে ৫৩টা বিদ্যালয় ভৱনৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ পণ্ডিত মদন মোহন মালব্য কৰ্কট ৰোগ চিকিৎসা কেন্দ্ৰ আৰু হোমি ভাবা কৰ্কট ৰোগ হাস্পতালত ৰবটৰ দ্বাৰা অস্ত্ৰোপচাৰ আৰু চি টি স্কেনকে ধৰি অত্যাধুনিক চিকিৎসা আহিলাপাতি স্থাপনৰ কামো মুকলি কৰিব। শ্রীমোদীয়ে এখন হোমিঅ’পেথিক মহাবিদ্যালয় আৰু হাস্পতালৰো আধাৰশিলা স্থাপন কৰিব।