ডাউনলোড
মোবাইল এপ

android apple
signal

July 4, 2025 8:02 PM | PM Modi

printer

ট্রিনিদাদ আৰু ট’বেগক প্ৰথমখন কেৰিবিয়ান ৰাষ্ট্ৰ হিচাপে ইউ পি আই গ্ৰহণ কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি ত্রিনিদাদ আৰু ট’বেগ’ত প্ৰদান কৰা নিজৰ ভাষণ সমগ্ৰ বিশ্বৰ প্ৰায় ৩.৫ কোটি প্রবাসী ভাৰতীয়লৈ উৎসৰ্গা কৰে। ভাষণত শ্ৰী মোডীয়ে ট্রিনিদাদ আৰু ট’বেগক প্ৰথমখন কেৰিবিয়ান ৰাষ্ট্ৰ হিচাপে ইউ পি আই গ্ৰহণ কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। ইউ পি আইৰ ক্ষেত্ৰত এনে সহযোগিতাৰ দ্বাৰা ভাৰতে ৰাজহুৱা ডিজিটেল সামগ্রী ৰপ্তানি কৰি বিশ্বাসযোগ্যতা লাভ কৰাৰ লগতে ঘৰুৱা বিত্তপ্রযুক্তি উদ্ভাৱন আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ ধাৰণাক প্ৰসাৰিত কৰাৰ বাবে সক্ষম হৈছে। এই অংশীদাৰিত্বই ভাৰতক বিশ্বব্যাপী ইউ পি আই সম্প্ৰসাৰণত সহায় কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে ট্ৰিনিডাদ আৰু ট’বেগ’ত থকা ভাৰতীয় মূলৰ লোকসকলে এতিয়াৰেপৰা OCI কাৰ্ড লাভ কৰিবলৈ সমৰ্থ হ’ব বুলি ঘোষণা কৰে। এই কাৰ্ডৰ জৰিয়তে এইসকল লোকে ভাৰতত কোনো ধৰণৰ বাধ্য বাধকতা অবিহনে বসবাস কৰাৰ লগতে কাম কৰাৰ স্বাধীনতাও লাভ কৰিব। OCI কাৰ্ডৰ সম্প্ৰসাৰণে কেৱল সাংস্কৃতিক সম্পর্ক শক্তিশালী কৰাই নহয়, প্রবাসী ভাৰতীয় যুৱক যুৱতীসকলে ভাৰতলৈ আহি ষ্টার্ট আপ তথা ভাৰতীয় কোম্পানীসমূহত বিনিয়োগ কৰি অংশীদাৰিত্ব কৰিব পাৰিব। ইয়াৰ দ্বাৰা ষ্টাৰ্ট আপ সংস্কৃতিৰ ভেটি শক্তিশালী হোৱাৰ লগতে দেশ দুখনৰ মাজত বিত্তীয় লেনদেনৰ প্ৰবাহ বৃদ্ধি পাব। উল্লেখযোগ্য যে পাঁচ-দেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত শ্রীমোদীয়ে যোৱা নিশা ট্রিনিদাদ আৰু টবেগত উপস্থিত হয়। শ্রীমোদীক পোর্ট অব স্পেইন বিমান বন্দৰত দেশখনৰ প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিছেছৰ আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্য তথা আন ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে আদৰণি জনায়।
প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে ভাৰতৰ পৰা ভালেসংখ্যক লোক কেইবাবছৰ আগতে ত্রিনিদাদ আৰু টবেগ’লৈ আহিছিল। সময়ৰ সোঁতত তেওঁলোকে বিভিন্ন ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে আৰু দেশখনৰ উন্নয়নৰ যাত্ৰাত বৰঙণি আগবঢ়াইছে। শ্রী মোদীয়ে পৰ্ট অব্ স্পেইনত তেওঁক জনোৱা আদৰণিৰ বাবে দেশখনত বাস কৰা প্ৰবাসী ভাৰতীয়সকলক কৃতজ্ঞতা জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক