ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 4, 2025 12:02 PM | PM Modi

printer

ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলিৰ আমন্ত্রণমৰ্মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আৰ্জেণ্টিনালৈ ৰাওনা

গ্ল’বেল ছাউথ অর্থাৎ ঔদ্যোগিক আৰু অৰ্থনৈতিক দিশৰ পৰা পিছপৰা ৰাষ্ট্ৰসমূহৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়া সুদৃঢ় কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলিৰ আমন্ত্রণমৰ্মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আৰ্জেণ্টিনাত উপস্থিত হ’ব। এয়া হ’ব বিগত ৫৭ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক আৰ্জেণ্টিনা ভ্রমণ । আৰ্জেণ্টিনা লেটিন আমেৰিকা অঞ্চলত ভাৰতৰ প্ৰধান অৰ্থনৈতিক আৰু জি টুৰেণ্টী ৰাষ্ট্ৰগোষ্ঠীত ভাৰতৰ ঘনিষ্ঠ সহযোগী। ভ্রমণকালত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ সহযোগিতাৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু প্ৰতিৰক্ষা, কৃষি, খনন, তেল আৰু গেছ, নৱীকৰণযোগ্য শক্তি, বাণিজ্য-বিনিয়োগ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত অংশীদাৰত্ব বৃদ্ধিৰ উপায়ৰ অন্বেষণ কৰিব।