প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্রিনিদাদ আৰু টবেগ’ত ভাৰতীয় সম্প্ৰদায়ৰ যাত্ৰাক সাহসিকতাৰ যাত্ৰা বুলি অভিহিত কৰিছে। ত্রিনিদাদ আৰু টবেগ’ত আজি পুৱা ভাৰতীয় সম্প্ৰদায়ৰ এটা অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে কয়, যে তেওঁলোকৰ পূৰ্বপুৰুষসকল আশাৰে জটিলতাৰ সন্মুখীন হৈছিল আৰু হৃদয়ত ৰামায়ণ কঢ়িয়াই ফুৰিছিল। তেওঁলোক অকল প্ৰব্ৰজনকাৰী নাছিল বৰং অনাদি অনন্তকালৰেপৰা প্ৰৱাহিত সভ্যতাৰ কটকী আছিল বুলি শ্ৰী মোদীয়ে মন্তব্য কৰে।
পাঁচদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱানিশা ত্রিনিদাদ আৰু টবেগ’ত উপস্থিত হয়। বিশেষ সৌহার্দ্যৰ চিনস্বৰূপে পৰ্ট অব্ স্পেইন বিমান বন্দৰত দেশখনৰ প্ৰধানমন্ত্রী কমলা প্ৰসাদ বিছেছৰে তেওঁৰ মন্ত্ৰীসভাৰ সদস্য আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে শ্ৰী মোদীক আদৰণি জনায়। ইয়াৰ পাছতে প্রধানমন্ত্রীক বিশেষ সামৰিক অভিবাদন প্ৰদান কৰা হয় আৰু বিশেষ সাংস্কৃতিক প্ৰদৰ্শনেৰে আদৰণি জনোৱা হয়।
প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে ভাৰতৰ পৰা ভালেসংখ্যক লোক কেইবাবছৰ আগতে ত্রিনিদাদ আৰু টবেগ’লৈ আহিছিল। সময়ৰ সোঁতত তেওঁলোকে বিভিন্ন ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে আৰু দেশখনৰ উন্নয়ন যাত্রা সমৃদ্ধ কৰি তুলিছে। শ্রী মোদীয়ে লগতে পর্ট অব্ স্পেইনত জনোৱা অবিস্মৰণীয় আদৰণিৰ বাবে দেশখনত বাস কৰা প্ৰবাসী ভাৰতীয়সকলক কৃতজ্ঞতা জনায়।
প্রধানমন্ত্রী হিচাপে এয়া শ্রী মোদীৰ প্ৰথম ত্রিনিদাদ আৰু টবেগ’ ভ্ৰমণ আৰু ১৯৯৯ চনৰ পাছত প্ৰধানমন্ত্ৰী পর্যায়ত প্রথম দ্বিপাক্ষিক ভ্রমণ। এই দুদিনীয়া যাত্ৰা কালত প্রধানমন্ত্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি ক্রিষ্টিন কার্লা কংগালু আৰু প্ৰধানমন্ত্রী কমলা প্ৰসাদ বিছেছৰৰ সৈতে আলোচনাত মিলিত হ’ব। প্ৰধানমন্ত্ৰীয়ে দেশখনৰ সংসদৰ যুটীয়া অধিৱেশনতো ভাষণ দিব। প্রধানমন্ত্ৰীৰ এই ভ্রমণে উভয় দেশৰ মাজৰ ঐতিহাসিক সম্পর্কত নতুন গতি প্রদান কৰিব বুলি আশা কৰা হৈছে।