ডাউনলোড
মোবাইল এপ

android apple
signal

July 3, 2025 8:21 PM | PM Modi

printer

ঘানাৰ সফল ভ্ৰমণ সামৰি ত্রিনিদাদ আৰু টবেগ’লৈ বুলি ৰাওনা প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঘানাৰ সফল ভ্ৰমণ সামৰি পাঁচ দেশীয় যাত্ৰাৰ দ্বিতীয় পৰ্যায়ত ত্রিনিদাদ আৰু টবেগ’লৈ বুলি ৰাওনা হৈছে। ৰাওনা হোৱাৰ পূৰ্বে শ্ৰী মোদীয়ে ঘানাৰ ৰাজধানী আক্রাত দেশখনৰ সংসদৰ অধিবেশনত ভাষণ দিয়ে। তেওঁ কয়, যে ভাৰত আৰু ঘানাৰ মাজৰ সম্পৰ্কৰ কোনো পৰিধি নাই । এই সম্পৰ্ক ঘানাৰ প্ৰসিদ্ধ ছুগাৰ ল’ফ পাইনাপল মাটিকঁঠালৰ দৰে মধুৰ বুলি শ্ৰী মোদীয়ে মন্তব্য কৰে। গণতন্ত্ৰ সন্দৰ্ভত মত প্ৰকাশ কৰি প্রধানমন্ত্ৰীয়ে ভাৰতবৰ্ষক গণতন্ত্ৰৰ মাতৃ বুলি অভিহিত কৰে। তেওঁ লগতে গণতান্ত্ৰিক পৰিকাঠামৰ স্বতন্ত্ৰতা আৰু আলোচনাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয়, যে ভাৰতৰ বাবে গণতন্ত্ৰ মাথো এটা শাসন ব্যৱস্থাই নহয় বৰং ই দেশৰ মৌলিক প্ৰমূল্যৰাজিৰো অংশ। ভাৰতবৰ্ষৰ বিশাল বৈচিত্ৰ গণতান্ত্ৰিক ব্যৱস্থাৰ শক্তিস্বৰূপ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে ২০ টা ৰাজনৈতিক দলে দেশৰ বিভিন্ন ৰাজ্যত শাসনত আছে। দেশৰ ২২ টা স্বীকৃতিপ্রাপ্ত চৰকাৰী ভাষা আৰু হাজাৰ হাজাৰ দোৱান আছে বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে। তেওঁ কয়, যে এই বিবিধতাৰ বাবেই ভাৰতলৈ অহা সকলো লোককে মুকলি হৃদয়েৰে আদৰি লোৱা হয়। তেওঁ লগতে গণতন্ত্ৰ আৰু মৰ্যদাৰ প্ৰতি প্ৰদৰ্শন কৰা প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে পশ্চিম আফ্ৰিকীয় ৰাষ্ট্ৰখনৰ শলাগ লয়। ভ্রমণকালত প্ৰধানমন্ত্ৰী মোদীক ঘানাৰ ৰাষ্ট্ৰপতি জন মহামাই দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান The Officer of the Order of the Star of Ghana প্ৰদান কৰে। ঘানাৰ সংসদত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এই সন্মানৰ বাবে ১৪০ কোটি ভাৰতীয়ৰ হৈ আফ্ৰিকীয় ৰাষ্ট্ৰখনক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু এই সন্মানৰ সৈতে থকা আৱেগিক যোগসূত্ৰৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে এই সন্মানৰ বাবে ঘানাৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে আৰু এই সন্মান তেওঁৰ বাবে গৌৰবৰ বিষয় বুলি উল্লেখ কৰে। শ্ৰী মোদীয়ে উভয় দেশৰ যুৱক-যুৱতীসকলৰ নামত এই সন্মান উৎসৰ্গিত কৰে।

ইয়াৰ পূৰ্বে শ্ৰী মোদীয়ে আক্রাত থকা এক্ৰমাহ স্মাৰক উদ্যানত ঘানাৰ প্ৰতিষ্ঠাপক ৰাষ্ট্ৰপতি তথা আফ্রিকীয় স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা ড° কোৱামে এক্ৰমালৈ শ্ৰদ্ধা নিবেদন কৰে। তেওঁ লগতে ৰাজধানী আক্রাত প্রবাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰে। ভ্ৰমণকালত প্রধানমন্ত্ৰী মোদী আৰু ঘানাৰ ৰাষ্ট্ৰপতি জন ড্রামানি মহামাই প্রতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয় আৰু দুয়োখন দেশে বৃহৎ পৰিসৰৰ সহযোগিতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই বাণিজ্য বিনিয়োগ, কৃষি, ডিজিটেল প্রযুক্তি, দক্ষতা নির্মাণ, আন্তঃগাঁথনি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধি সন্দৰ্ভত আলোচনা কৰে ৷

দুয়োখন ৰাষ্ট্ৰই সংস্কৃতি, আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধকে ধৰি বিভিন্ন ক্ষেত্ৰত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। দুয়োগৰাকী নেতাই ক্রমবর্ধমান দ্বিপাক্ষিক বাণিজ্য আৰু ঘানাত ভাৰতৰ বিনিয়োগক লৈ সন্তুষ্টি ব্যক্ত কৰে। তেওঁলোকে লগতে প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা সন্দৰ্ভতো কথা পাতে ।

 

অধিক পঢ়ক

সকলো চাওক