ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 14, 2025 7:12 PM | PM Modi

printer

চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেছিয়ালৈ কাইলৈ প্রধানমন্ত্ৰীৰ পাঁচদিনীয়া আনুষ্ঠানিক ভ্রমণসূচী আৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ চাইপ্ৰাছ, কানাডা আৰু ক্ৰৱেছিয়ালৈ পাঁচদিনীয়া আনুষ্ঠানিক ভ্রমণসূচী আৰম্ভ কৰিব। চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রীষ্টোড’লিডেছৰ আমন্ত্ৰণ মৰ্মে কাইলৈ প্ৰধানমন্ত্রী শ্রীমোডী চাইপ্ৰাছলৈ যাব। দুই দশকৰো অধিক সময়ৰ পাছত চাইপ্ৰাছলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া হব প্ৰথম আনুষ্ঠানিক ভ্রমণ। নিকোচিয়াত থকাৰ সময়ছোৱাত শ্ৰী মোডীয়ে ৰাষ্ট্ৰপতি ক্ৰিষ্টোডলিডেছৰ সৈতে আলোচনাত মিলিত হব আৰু লিমাচলত ব্যৱসায়িক নেতাসকলক সম্বোধন কৰিব । এই ভ্রমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্ক গভীৰ কৰাৰ লগতে ভূ মধ্যসাগৰীয় অঞ্চল আৰু ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ সংযোগ শক্তিশালী কৰিব।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত কানাডাৰ প্ৰধানমন্ত্রী মার্ক কাৰ্নিৰ আমন্ত্রণমৰ্মে পৰহিলৈ কানাডালৈ গৈ শ্ৰী মোডীয়ে জি-7 সন্মিলনত অংশগ্ৰহণ কৰিব । এই জি-7 সন্মিলনত প্রধানমন্ত্ৰীয়ে একেৰাহে ছবাৰলৈ অংশগ্ৰহণ কৰিব। এই সন্মিলনত শ্ৰী মোডীয়ে জি- 7 দেশৰ নেতা, অন্যান্য আমন্ত্রিত দেশ তথা আন্তৰাষ্ট্ৰীয় সংস্থাৰ মূৰব্বীসকলৰ সৈতে শক্তি সুৰক্ষা,প্ৰযুক্তি আৰু উদ্ভাৱনকে ধৰি গুৰুত্বপূৰ্ণ বিশ্বাব্যাপী বিষয় বিশেষকৈ কৃত্রিম বুদ্ধিমত্তা শক্তি সংযোগ আৰু কোৱান্টাম সম্পৰ্কীয় বিষয় সন্দৰ্ভত মতামত বিনিময় কৰিব। জি-7 সন্মিলনৰ উপৰিও প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাখনো দ্বিপাক্ষিক বৈঠকত ভাগ লব । এই ভ্ৰমণৰ অন্তিম পর্যায়ত শ্ৰী মোডীয়ে চলিত মাহৰ ১৮ তাৰিখে ক্ৰ’ৱেচিয়ালৈ যাব। দ্বিপাক্ষিক সম্পৰ্কৰ মাইলৰ খুঁটি হিচাপে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ৰৱেচিয়া ভ্ৰমণৰ এইটোৱেই হব প্ৰথমটো ভ্রমণ। শ্রী মোডীয়ে ক্ৰৱেচিয়াৰ প্ৰধানমন্ত্রী আন্দ্রেজ প্লেনকোভিচৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হব আৰু ক্ৰৱেছিয়াৰ ৰাষ্ট্ৰপতি জোৰান মিলানোভিচৰ সৈতে সাক্ষাৎ কৰিব। ক্ৰৱেচিয়া ভ্রমণে ইউৰোপীয় সংঘৰ অংশীদাৰ দেশসমূহৰ সৈতে ভাৰতৰ যোগাযোগ অধিক শক্তিশালী কৰিব।