ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 7, 2025 8:33 PM | PM Modi

printer

আফ্রিকান ইউনিয়নে দুর্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি ২০২৫ সন্মিলনত যোগদান কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আফ্রিকান ইউনিয়নে দুর্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি ২০২৫ চমুকৈ চিডিআৰআই সন্মিলনত যোগদান কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে। এটা ভিডিঅবাৰ্তাৰ জৰিয়তে ফ্ৰান্সত অনুষ্ঠিত দুর্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি ২০২৫ৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি প্রধানমন্ত্রী মোডীয়ে কয় যে এই সন্মিলনৰ জৰিয়তে দুৰ্যোগৰ মুখামুখি হব পৰাকৈ দেশসমূহে কাৰ্য্যকৰী কাৰ্যসূচী প্ৰস্তুত কৰাৰ লগতে উন্নয়নশীল ৰাষ্ট্ৰসমূহে যাতে বিত্তীয় সাহায্য লাভ কৰে তাৰবাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁ লগতে কয় যে ক্ষুদ্র ক্ষুদ্র দ্বীপৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহ সহজতেই এনে দুৰ্যোগত আক্ৰান্ত হোৱাৰ বাবে সেই দেশ সমূহক অধিক গুৰুত্ব দিয়াটো প্রয়োজন। প্রধানমন্ত্ৰী গৰাকীয়ে তেওঁৰ ভিডিঅবার্তাটোত এই কথাটোও উল্লেখ কৰে যে দুৰ্যোগৰ আগতীয়া সতর্কবাণী ব্যৱস্থা কৰাৰ লগতে দেশ সমূহৰ মাজত সমন্বয় শক্তিশালী কৰাটো অতি গুৰুত্বপূৰ্ণ কাৰণ এই প্রক্রিয়াই সময়োপযোগী সিদ্ধান্ত সময়মতে গ্ৰহণ কৰাত সহায় কৰে। চলিত সন্মিলনত এই দিশ সমূহ বিবেচনা কৰা হব বুলি তেওঁ আশা প্রকাশ কৰে। তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক তেওঁলোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।